নগাঁওঃ অসম যুৱ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি নগাঁৱলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে পূৰ্ণাংগ প্ৰতিম শইকীয়াই। সৰুৰে পৰা জিমনাষ্টিকৰ প্ৰতি আকৃষ্ট পূৰ্ণাংগ প্ৰতিমে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামৰ ইন্দোৰ ষ্টেডিয়ামত জিনমাষ্টিক খেলৰ প্ৰশিক্ষণ লৈছিল।

নগাঁও চহৰৰ আমোলাপত্তিৰ কৰবী ভূঞা শইকীয়া আৰু ভৱেশ কুমাৰ শইকীয়াৰ একমাত্ৰ পুত্ৰ পূৰ্ণাংগপ্ৰতীম শইকীয়াই নগাঁৱৰ কেন্দ্ৰীয় বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যয়ন কৰি থাকোতেই ৰাজ্যিক, আন্তঃজিলা আৰু ২০২০ বর্ষত গুৱাহাটীত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া খেলোত অংশগ্ৰহণ কৰাৰ উপৰিও আগ্ৰা, জম্মু আৰু ৰাজস্থানৰ ভাৰতৰ বিভিন্ন জিলাত অনুষ্ঠিত হোৱা জিনমাষ্টিক খেলত অংশগ্ৰহণ কৰি বিভিন্ন পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

২০১৮ আৰু ২০২১ বর্ষত আন্তঃজিলা অলিম্পিকৰ জিমনাষ্টিক খেলত সোণৰ পদক আৰু ষ্টেড অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। শেহতীয়াকৈ অনুষ্ঠিত হোৱা অসম যুৱ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি পুনৰ নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply