গুৱাহাটী : কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম। মহানগৰী গুৱাহাটীৰ সৌন্দয্য বজাই ৰাখিবলৈ কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম। এতিয়াৰে পৰা গুৱাহাটীৰ উৰণীয়া সেঁতু আৰু ৰাজপথত পিকালে ৰক্ষা নাই।
যোৱা ৪ নিৱেম্বৰত দিছপুৰ ছুপাৰ মাৰ্কেটত নৱনিৰ্মিত উৰণীয়া সেঁতু উদ্বোধন কৰাৰ কিছু সময় পিছতে উৰণীয়া সেঁতুৰ দেখিবলৈ পোৱা গৈছিল পাণৰ পিক। ২০ গৰাকী শিল্পীয়ে দিনে-নিশাই কষ্ট কৰি উৰণীয়া সেঁতুত অংকন কৰা চিত্ৰৰ ওপৰত পিকাই গৈছিল কোনোবাই।
নৱনিৰ্মিত উৰণীয়া সেঁতুত পিকাৰ দাগ পৰাৰ পিছতে দেখিবলৈ পোৱা গৈছিল প্ৰতিক্ৰিয়াৰ। ইয়াৰ পিছতে এতিয়া কঠোৰ হ’বলৈ বাধ্য হৈছে গুৱাহাটী পৌৰ নিগম। গুৱাহাটীৰ ৰাজপথ আৰু উৰণীয়া সেঁতুত পিক পেলোৱা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব গুৱাহাটী পৌৰ নিগমে।
উৰণীয়া সেঁতু আৰু ৰাজপথত পিক পেলোৱা লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব। আনহাতে কোনো ব্যক্তিয়ে যদি উৰণীয়া সেঁতু আৰু ৰাজপথত পিকাই যোৱা ব্যক্তিৰ পৰিচয় দিব পাৰে তেন্তে তেওঁক পৌৰ নিগমৰ ফালৰ পৰা পুৰস্কাৰ প্ৰদান কৰা হ’ব।
পিকাই যোৱা লোকৰ পৰিচয় দিয়াৰ বাবে ৮৮১১০০৭০০০, ৭৩৯৯০০৩০০১, ৭৩৯৯০০৩০০২ আৰু ৭৩৯৯০০৩০০৪ এই চাৰিটা হোত্সএপ নম্বৰত মুকলি কৰা হৈছে। ইফালে গুৱাহাটীত যধেমধে বেনাৰ-পোষ্টাৰ লগাব নোৱাৰিব।
যি সকলে যধেমধে বেনাৰ-পোষ্টাৰ লগাই থৈছে ১৫ দিনৰ ভিতৰত।আঁতৰাব লাগিব, অন্যথা ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এতিয়াৰ পৰা পথপথৰ ওপৰত যতেযতে দোকানো দিব নোৱাৰিব।
লগতে পঢ়ক : বৃক্ক(কিডনী)ৰ পৰিৱৰ্তে চৰকাৰী চাকৰিৰ অফাৰ !
আনহাতে বাহন পাৰ্কিংৰ ক্ষেত্ৰত শ্বপিং মল, চিনেমা হল, হাস্পতাল আদিয়ে পাৰ্কিং বাবে ৰাইজৰ পৰা পইচা সংগ্ৰহ কৰিব নোৱাৰিব। মহানগৰীত ৫৪ টা পাৰ্কিং আছে। ইয়াৰে ৭ ঠাইতে পাৰ্কিং পইচা লোৱা হয়।