গুৱাহাটীঃ মহানগৰীৰ গীতা নগৰত বিয়লি ৪ বাজি ৩০ মিনিটত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।
গীতানগৰ খেলপথাৰৰ বিপৰীতে ইণ্ডিয়ান টি এছ’চিয়েচনৰ সমীপৰ উড ৱৰ্কছ নামৰ ফাৰ্ণিচাৰ দোকানত সংঘটিত হয় এই ঘটনা।
ঘটনাস্থলীত লগে লগে আৰক্ষী, দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈছে যদিও জুই নুমুৱাবলৈ সক্ষম হোৱা নাই।
লগতে পঢ়কঃমৰ্মান্তিক! মৰাণত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু তিনিটা শিশুৰ
এই ভয়ংকৰ অগ্নিকাণ্ডটো কেনেকৈ সংঘটিত হ’ল এই সম্পৰ্কে এতিয়াও জানিব পৰা হোৱা নাই।
এই ঘটনাত কোনোলোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।
বৰ্তমান সমগ্ৰ অঞ্চলটোত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হৈছে।