গুৱাহাটীঃ মহানগৰীৰ গীতানগৰত চাঞ্চল্যকৰ ঘটনা। দিন দুপৰতে ৯ বছৰীয়া এগৰাকী কণমানিক অপহৰণৰ চেষ্টা। এই ঘটনা সংঘটিত হৈছে গীতানগৰৰ ‘আমাৰ পথ’ত।

ঘৰৰ পৰা বিদ্যালয়লৈ গৈ থকাৰ পথত কণমানিগৰাকীক অপহৰণৰ চেষ্টা চলাইছিল দুৰ্বৃত্তৰ দল এটাই। দুৰ্বৃত্তৰ দলে অপহৰণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে কণমানিটিয়ে হাতত কামোৰ মাৰি চিঞৰ-বাখৰ কৰে যাৰ ফলত সৌভাগ্যক্ৰমে, অপহৰণৰপৰা ৰক্ষা পৰে কণমানিগৰাকী।

লগতে পঢ়কঃনৱম-দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰিব অসম মাধ্যমিক শিক্ষা পৰিষদে

লগে লগে ঘটনাস্থলীৰ পৰা বাহনখন লৈ দুৰ্বৃত্তৰ দলটো পলায়ন কৰে। শিশুটিয়ে জনোৱা অনুসৰি বগা ৰঙৰ মাৰুতী ভান বাহনখনৰ ভিতৰত আছিল তিনি যুৱক ৷ ভানখনত এটি শিশুকো প্রত্যক্ষ কৰে কণমানিগৰাকীয়ে।

ইতিমধ্যে চিচিটিভিত বন্দী হৈছে বাহনখনৰ দৃশ্য। তাৰ ওপৰত অনুসন্ধান চলালে অপহৰণকাৰী বিষয়ে কিছু সম্ভেদ লাভ কৰিব বুলি স্থানীয় লোকসকলে মন্তব্য কৰিছে। পিছে গীতানগৰ আৰক্ষীয়ে নীৰৱ ভূমিকা গ্ৰহণ কৰা কাৰ্যত ক্ষুব্ধ হৈ পৰিছে স্থানীয় লোকসকল৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply