ধুবুৰী : ধুবুৰী জিলাৰ দক্ষিণ শালমাৰাৰ বৃহত্তৰ ফকিৰগঞ্জ এলেকাৰ একমাত্ৰ আদৰ্শ চিকিৎসালয়খনত মঙলবাৰে স্থানীয় বিধায়ক হাজী ওৱাজেদ আলী চৌধুৰী আনুষ্ঠানিকভাৱে দুখনকৈ জেনেৰেটৰ আৰু প্ৰসূতি প্ৰসৱৰ কক্ষ মুকলি কৰে। উল্লেখযোগ্য যে এই আদৰ্শ চিকিৎসালয়খনত পূৰ্বে এখন পুৰণি জেনেৰেটৰ আছিল যদিও বিকল হৈ থকাৰ ফলত ৰোগী সকল গৰমত হাঁহাকাৰ কৰিবলগীয়া হৈছিল।
বিধায়ক গৰাকীয়ে নিজৰ পুঁজিৰ পৰা জেনেৰেটৰ মেৰামতি কৰি দিয়াৰ লগতে নতুনকৈ আন এখন জেনেৰেটৰ মুকলি কৰি দিয়ে। একেদৰে বৃহত্তৰ এই এলেকাৰ প্ৰসূতি সকলক প্ৰসৱৰ বাবে কোনো সুব্যৱস্থা নাছিল। চিকিৎসালয়খনত ইতিমধ্যে স্বাস্থ্য বিভাগৰ পৰা প্ৰসূতি প্ৰসৱৰ বাবে এখন সুকীয়া কক্ষ নিৰ্মাণ কৰি দিয়া হৈছে। এই প্ৰসূতি প্ৰসৱ কক্ষ বিধায়ক গৰাকীয়ে আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰে।
লগতে পঢ়ক : মাজুলী আঁহতগুৰিত খহনীয়াত জাহ গৈছে বিদ্যালয় ,বাসগৃহ
উল্লেখ্য যে এতিয়াৰ পৰা ফকিৰগঞ্জ আদৰ্শ চিকিৎসালয়ত এই এলেকাৰ গৰ্ভৱতী মহিলা সকলে সাধাৰণ প্ৰসৱ কৰাৰ ক্ষেত্ৰত সুবিধা লাভ কৰিব। অৱশ্যে এই চিকিৎসালয়খনত এম্বুলেন্সৰ ব্যৱস্থা নথকাত চিকিৎসালয়খনত এখন এম্বুলেন্স আবন্টন দিয়াৰ দাবী তুলিছে আদৰ্শ চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডাক্তৰ ৰবিয়ল হকে।