নলবাৰী : আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীক ৰাজহুৱা বিদায় সম্বৰ্ধনা। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীক ৰাজহুৱা বিদায় সম্বৰ্ধনা জনোৱা হয়।

নলবাৰী জিলাৰ বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ শান্তি-শৃংখলা অটুত ৰাখি জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিবলৈ চেষ্টা কৰাৰ লগতে বিভিন্ন অসামাজিক কাৰ্যকলাপ ৰোধৰ ক্ষেত্ৰত বিশেষ সাফল্য অৰ্জন কৰিছে আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে। ঘগ্ৰাপাৰ সফলতাৰে দায়িত্ব পালন কৰাৰ বাবেই আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীক পদোন্নতিসহ বদলি কৰা হৈছে।

সেয়েহে, আৰক্ষী বিষয়া গৰাকীক ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে মঙলবাৰে এক অনুষ্ঠানৰ আয়োজন কৰি ঘগ্ৰাপাৰৰ আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি প্ৰায় ৩০ টাকৈ সংগঠন আৰু অনুষ্ঠানে সুদক্ষ আৰক্ষী বিষয়া গৰাকীক জাপি, ফুলাম গামোচা, মানপত্ৰ,চেলেং, শৰাই আদিৰে আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনায়। ঘগ্ৰাপাৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা সভাখন আত ধৰে ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই।

লগতে পঢ়ক : মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই আচঁনিত পশ্চিম কাৰ্বি আংলংত ২২২ গৰাকীক চেক প্ৰদান

অনুষ্ঠানত উপস্থিত থাকে বনভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেন্দ্ৰ কলিতা, নিউজ লাইভৰ সাংবাদিক ব্ৰজেন তালুকদাৰ, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাকে প্ৰমুখ্য কৰি বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলটোৰ দল-সংগঠন তথা বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াৰ লগতে জেষ্ঠ কনিষ্ঠ সাংবাদিক সকল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply