নিউজ ডেস্কঃ শিক্ষাৰ্থীৰ কেৰিয়াৰৰ দিশত ইতিবাচক দিশ নিৰ্ণয়ৰ ক্ষেত্ৰত পথ মুকলি কৰা মেগা শিক্ষা সমাৰোহৰ সফল সামৰণি। তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা ইডুভেণ্ট শিক্ষা সমাৰোহত প্ৰায় ১৩০০ ছাত্ৰ-ছাত্ৰীয়ে অংশ লয়। তৃতীয় পৰ্যায়ত ডিব্ৰুগড়ত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই ইডুভেণ্টৰ বুধবাৰে সামৰণি পৰে।
উল্লেখ্য যে, ইডুভেণ্টৰ উদ্যোগত গুৱাহাটী, শ্বিলং আৰু ডিব্ৰুগড়ত এই মেগা শিক্ষা সমাৰোহৰ আয়োজন কৰা হৈছিল। এইসন্দৰ্ভত ইডুভেণ্টৰ সঞ্চালক ছাহিল জামানে কয় যে, উত্তৰ-পূবৰ শিক্ষাৰ্থীসকলৰ কেৰিয়াৰ নিৰ্বাচন নিৰ্ভুল কৰিবলৈয়ে এই বৃহৎ শৈক্ষিক মেলাৰ আয়োজন কৰা হৈছিল।
ছাহিল জামানৰ আৰু কয়- উত্তৰ-পূবৰ শিক্ষাৰ্থীসকলে এই অনুষ্ঠানৰ জৰিয়তে উচিত কেৰিয়াৰ নিৰ্দেশনা লাভ কৰিব পাৰিব। বেছি ভাগ শিক্ষাৰ্থীয়ে যেতিয়া সঠিক কেৰিয়াৰৰ বাচনি কৰিব লগা হয় তেতিয়া বিভ্ৰান্তিত পৰে। সেয়েহে এডুভেণ্টোৱে সদায় এনে অনুষ্ঠানটোৰ জৰিয়তে কেৰিয়াৰ সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আহিছে।
ইফালে, সন্দীপ বিশ্ববিদ্যালয়ৰ প্ৰসাশনিক মুৰব্বী অমিত শ্ৰীৱাস্তৱে কয় যে- সম্প্ৰতি বাণিজ্যিক শিক্ষা হৈছে সফলতাৰ আধাৰ। এনে শিক্ষা সমাৰোহে বাণিজ্যিক শিক্ষাৰ পাঠ্যক্ৰম নিৰ্বাচনত শীক্ষাৰ্থীক সহায় কৰিব।
এই সমাৰোহত সন্দীপ বিশ্ববিদ্যালয়, চাণক্য বিশ্ববিদ্যালয়, আচাৰ্য ইনষ্টিটিউট অৱ টেকন’লজী, এছআৰএম বিশ্ববিদ্যালয়, এলায়েন্স বিশ্ববিদ্যালয়, আদমাছ বিশ্ববিদ্যালয়, পানীপথ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, আলপাইন গ্ৰুপ অৱ ইনষ্টিটিউট, পাৰুল বিশ্ববিদ্যালয়, সুকল্প ফাউণ্ডেচন, গেটৱে ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট, ৰিজিঅনেল কলেজ অৱ ফাৰ্মাচিউটিকেল চাইন্স, আই টি এম বিশ্ববিদ্যালয়, বিএফআইটি গ্ৰুপ অৱ ইনষ্টিটিউট আদি শিক্ষানুষ্ঠানে তেওঁলোকৰ কাউন্সিলাৰ আৰু মানসিক বিশেষজ্ঞসকলৰ সৈতে অংশগ্ৰহণ কৰে।