নিউজ ডেস্কঃ মহানগৰীত সংঘটিত হৈছে পুনৰ এক চাঞ্চল্যকৰ ঘটনা। গুৱাহাটীৰ বৰবাৰীৰ নতুন বজাৰত গুটখাৰ বাবেই এজন যুৱকক চুৰিকাঘাত দোকানীৰ। জানিব পৰা মতে, এপেকেট গুটখা ক্ৰয় কৰাক লৈ প্ৰথমে ঘটনাৰ সূত্ৰপাত হয়।

মইনুল আলী নামৰ দোকানীজনে মনোজ ৰংপি নামৰ যুৱকজনক চুৰিৰে আঘাত কৰে। ইফালে, ঘটনা সংঘটিত কৰাৰ পাছতে দোকানীজনে পলায়ন কৰে। ঘটনা সন্দৰ্ভত দেওবাৰে নিশাই দিছপুৰত থানাত দাখিল কৰা হয় এজাহাৰ।

ইফালে, স্থানীয় ৰাইজে অভিযোগ কৰিছে যে, মইনুল আলী নামৰ দোকানীজনে দীৰ্ঘদিন ধৰি দোকানখনত অবৈধভাৱে সুৰা বিক্ৰী কৰাৰ লগতে বহু অসামাজিক কাৰ্যৰ বেহা চলাই আহিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply