নিউজ ডেস্কঃ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে জঘন্য ঘটনা। এগৰাকী ১৫ বছৰীয়া কিশোৰীক ধৰ্ষণ খোদ সতীয়া পিতৃৰ। এই জঘন্য ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ ভাস্কৰনগৰত।

জানিব পৰা মতে, ভাস্কৰনগৰত বাস কৰা লম্পট ৰবি ভাৱেলে ১৫ বছৰীয়া কিশোৰীগৰাকীৰ মাতৃৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। বিবাহপাশত আৱদ্ধ হোৱাৰ পাছত মানৱ ৰূপী দানৱ ৰবি ভাৱেলে ক্ৰমান্বয়ে কিশোৰীগৰাকীক শাৰীৰিকভাৱে নিৰ্যাতন কৰিবলৈ আৰম্ভ কৰে।

আচৰ্যজনক কথা যে, কিশোৰীগৰাকীক যোৱা ডেৰ বছৰ ধৰি লম্পট ৰবি ভাৱেলে ধৰ্ষণ কৰি আহিছিল। কিন্তু নিজৰ সন্মান, সমাজ, মাতৃৰ কথা চিন্তা কৰি মৌন হৈ সকলো সহ্য কৰি যোৱাৰ পাছত অৱশেষত যোৱাকালি কিশোৰীগৰাকীয়ে ওচৰ চুবুৰীয়াসকলক এই বিষয়ে অৱগত কৰে।

ওচৰ চুবুৰীয়াই এই বিষয়ে জনাৰ পাছতে আৰক্ষীক খবৰ দিয়ে। ইতিমধ্যে এই সন্দৰ্ভত পানবজাৰ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply