নিউজ ডেস্কঃ সন্মুখত গুৱাহাটী পৌৰসভা নিৰ্বাচন। সকলো ৰাজনৈতিক দলে নিজৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ-সভাত ব্যস্ত হৈ পৰিছে। এখন গণতান্ত্ৰিক দেশত নিয়মানুসৰি সকলো ব্যক্তিয়ে নিৰ্বাচনত যিকোনো দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিলে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে।
কিন্তু তাৰ মাজতে আজিৰ দিনটোত গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক আজৱ ঘটনা। এই ঘটনা কেৱল আজৱ নহয়, এয়া এক প্ৰকাৰে গুণ্ডাগিৰিৰ ঘটনা।
কিয়নো গুৱাহাটীৰ ২১ নং ৱাৰ্ডৰ কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলিবলৈ লোৱা এগৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ভাস্কৰনগৰ এলেকাৰ দুৰ্গামন্দিৰ ফিল্ডত চলি থকা সময়তে দুজন যুৱকে দেৱালত আঁৰি থোৱা কংগ্ৰেছৰ পতাকা নমাই দলিয়াই দিয়া অভিযোগ উত্থাপন হৈছে।

এই যুৱক দুজন কোন দলৰ বা তেওঁলোক কোনোবা ৰাজনৈতিক দলৰ সৈতে জড়িত হয় নে নহয় সেয়া এতিয়ালৈ জানিব পৰা যোৱা নাই। কিন্তু এখন গণতান্ত্ৰিক দেশত এটা দেশৰ ইমান পুৰণি দলৰ (কংগ্ৰেছ) আঁৰি থোৱা পতাকা দলিয়াবলৈ এই যুৱক দুজনে সাহস কেনেকৈ পালে বা তেওঁলোকৰ পাছত কোনোবা বিশেষ শক্তি থিয় দি আছে নেকি? যাৰ ফলত অলপো কুন্ঠাবোধ নকৰাকৈ এনে ঘটনা সংঘটিত কৰিবলৈ সাহস পালে যুৱক দুজনে।
মহানগৰীৰ ভাস্কৰনগৰৰ দুৰ্গা পূজা ফিল্ডত সংঘটিত হৈছে এই ঘটনা। অভিযোগ অনুসৰি, কেইজনমান দুৰ্বৃত্তই আহি দলীয় পতাকা দলিয়াই দিয়ে আৰু ফালি দিয়ে। আৰু এনে কৰাৰ পাছত পতাকা কেইখন ভালকৈ ৰাখিবলৈ অনুৰোধ কৰাত দুৰ্বৃত্ত যুৱক কেইজনে অভব্য আচৰণ কৰিবলৈ আৰম্ভ কৰে। এখন গণতান্ত্ৰিক দেশত এনে ঘটনা সংঘটিত কৰাৰ পাছত আৰক্ষীয়ে এই সন্দৰ্ভত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।
উল্লেখ্য যে, একেখন দুৰ্গা পূজা ফিল্ডতে বিয়লি ৩ বজাৰ পৰা আৰম্ভ হোৱা কংগ্ৰেছৰ নিৰ্বাচনী সভাৰ পাছতে সন্ধিয়া ৬ বজাৰ পৰা বিজেপিৰ নিৰ্বাচনী সভা আৰম্ভ হ’বলগীয়া আছিল। এনে সময়ত বহু স্থানীয় প্ৰশ্ন কৰিছে যে, এটা দলৰ নিৰ্বাচনী সভা সম্পন্ন নোহোৱাকৈ কেনেকৈ দলটোৰ পতাকা আঁতৰাবলৈ সাহস পালে যুৱক দুজনে?