নিউজ ডেস্কঃ ৪৩ সংখ্যক আন্তঃজিলা জুনিয়ৰ-ছিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা পূৰ্ণগতিত চলি আছে। গুৱাহাটী মহানগৰীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত চলি থকা এই প্ৰতিযোগিতাৰ তৃতীয় দিনলৈ ২১ টা সোণৰ, ১২ টা ৰূপৰ আৰু ৯ টা ব্ৰঞ্জৰ পদকেৰে তালিকাৰ শীৰ্ষত আছে গুৱাহাটী।
ইফালে, ১০ টা সোণৰ, ৮ টা ৰূপৰ আৰু ৭ টা ব্ৰঞ্জৰ পদকেৰে দ্বিতীয় স্থানত শিৱসাগৰ আৰু ৬ টা সোণ ,৬ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদকেৰে তৃতীয় স্থানত আছে ওদালগুৰি জিলা। ইতিমধ্যে প্ৰতিযোগিতাত গুৱাহাটীৰ ঈদুল হুছেইন আৰু ৰিমঝিম শইকীয়াই শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে ব্যক্তিগত শাখাত দুটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, যোৱা ৮ মাৰ্চৰ পৰা ১১ মাৰ্চলৈ গুৱাহাটী ইন্দিৰা গান্ধী ষ্টেডিয়াম অনুষ্ঠিত হৈছে ৪২ সংখ্যক আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা। অসম এথলেটিকছ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাখন।