নিউজ ডেস্কঃ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অহা ৮ৰ পৰা ১১ মাৰ্চলৈ অনুষ্ঠিত হ’ব আন্তঃজিলা জুনিয়ৰ-ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ। অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰৰ সভাপতিত্বত দেওবাৰে ভাৰ্চুৱেল মাধ্যমেৰে অনুষ্ঠিত কাৰ্যনিৰ্বাহ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে।
সভাৰ আৰম্ভণিতে অসম এথলেটিকছ সন্থাৰ সাধাৰণ সম্পাদক অশোক ভৰালীয়ে সভাত অংশগ্ৰহণ কৰা ৩৫ গৰাকী বিষয়ববীয়াক আদৰণি জনাই মন্তব্য ৰাখে। উক্ত সভাতেই গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে আগন্তুক প্ৰতিযোগিতাৰ বাবে খেলুৱৈসকলৰ পঞ্জীয়নৰ মাচুল ১০০ টকা নিৰ্ধাৰণ কৰে। অংশগ্ৰহণ কৰিবলগীয়া জিলাসমূহৰ খেলুৱৈ সকলৰ প্ৰবেশ পঞ্জীয়ন অনলাইন মাধ্যমেৰে ২২ ফেব্ৰুৱাৰীৰ পুৱা ১২ বজাত আৰম্ভ হৈ ২ মাৰ্চৰ নিশা ১২ বজাত সামৰণি পৰিব।
আনহাতে, প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ইভেন্ট সমূহৰ অৰ্হতাৰ মানদণ্ড ২১ ফেব্ৰুৱাৰীৰ ভিতৰত মুকলি কৰিব অসম এথলেটিকছ সন্থাই। প্ৰতিযোগিতাৰ প্ৰতিটো কাৰ্যসূচীত জিলা ক্ৰীড়া সন্থা সমূহৰ সম্পূৰ্ণ সহযোগিতা কামনাৰ লগতে ২২ ফেব্ৰুৱাৰীত জিলা সমূহলৈ প্ৰতিযোগিতাৰ সম্পূৰ্ণ নিয়মাৱলী প্ৰেৰণ কৰা হ’ব বুলি জনাইছে অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সাধাৰণ সম্পাদক অশোক ভৰালীয়ে।