গুৱাহাটীঃ অসম এথলেটিকছ সন্থাৰ উদ্যোগত কালিৰ পৰা ১৫ নৱেম্বৰলৈ গুৱাহাটীৰ পল্টনবজাৰস্থিত ছাই খেলপথাৰত ৩৭ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ২৮ খন ৰাজ্যৰ ২১১৩ গৰাকী এথলিটে অংশগ্ৰহণ কৰিবলগীয়া ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ পূৰ্বে খেলুৱৈৰ লগতে উদ্যোক্তা সম্পূৰ্ণৰূপে সাজু হৈছে। 

১৪,১৬,১৮,২০ অনূৰ্ধ্ব বয়সৰ ল’ৰা-ছোৱালী উভয়ৰে মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে ১১৮৮ জন ল’ৰা  আৰু ৯২৫ গৰাকী ছোৱালী খেলুৱৈ গুৱাহাটীত উপস্থিত হৈছে বুলি আজি ছাইত অনুষ্ঠিত এক সংবাদমেলত উল্লেখ কৰে অসম এথলেটিকছ সন্থাৰ সম্পাদক অশোক ভৰালীয়ে। 

এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ইতিমধ্যে ৬৫ জনীয়া এথলীটৰ দল ঘোষণা কৰিছে অসম এথলেটিকছ সন্থাই।  আনহাতে, সংবাদমেল যোগে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক নিৱেদন দাস পাটোৱাৰীয়ে কয়,এই প্ৰতিযোগিতাখনে অসমৰ ক্ৰীড়া ক্ষেত্ৰত এক নতুন বাৰ্তা সৃষ্টিৰ লগতে অসমৰ যুৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰিব। 

আজি অনুষ্ঠিত সংবাদ মেলত ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ সম্পাদক প্ৰধান ড° ৰবীন্দ্ৰ চৌধুৰী আৰু ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ টেকনিকেল ছেয়াৰমেন ষ্টেনলি জনছো। কালি পুৱা ৫.৩০বজাত ১০০০০মিটাৰ দৌৰৰে আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাত ক্ৰীড়াপ্ৰেমী ৰাইজৰ লগতে খেলুৱৈ সমাজৰ উপস্থিতি কামনা কৰিছে অসম এথলেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক ভৰালীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,587 other subscribers

Leave a comment

Leave a Reply Cancel reply