নিউজ ডেস্কঃ গুৱাহাটী প্ৰেছ ক্লাৱে হাতত লৈছে এক কল্যাণকামী পদক্ষেপ। মহানগৰীত কৰ্তব্যৰত সাংবাদিক-সংবাদ কৰ্মীসকলৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী প্ৰেছ ক্লাৱে। অহা ২২ মাৰ্চৰ পৰা গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰদান কৰা হ’ব বুষ্টাৰ ড’জ।
দেশত কোৰোনাৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও, সম্পূৰ্ণ ৰূপে কোভিড-১৯ৰ সংক্ৰমণ শেষ হোৱা নাই। উল্লেখ্য যে, কোৰোনাৰ সংহাৰৰ সময়ত গুৱাহাটী প্ৰেছ ক্লাৱে সাংবাদিক-সংবাদ কৰ্মীৰ মাজত সফলতাৰে প্ৰদান কৰিছিল ভেকচিনৰ দুটা ড’জ।
কোৰোনাক সম্পূৰ্ণ ৰূপে পৰাস্ত কৰাৰ বাবে অতি প্ৰয়োজনীয় বুষ্টাৰ ড’জ প্ৰদান কৰা হ’ব এক শিবিৰত। সেয়ে সকলো মহানগৰীত কৰ্তব্যৰত সাংবাদিক-সংবাদ কৰ্মীক এই বুষ্টাৰ ড’জ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে গুৱাহাটী প্ৰেছ ক্লাৱে।