নিউজ ডেস্কঃ জনতা ভৱনত শুক্ৰবাৰে কেবিনেট বৈঠক অনুষ্ঠিত হৈ যায়। কেবিনেট বৈঠকৰ পিছতেই স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তয়ে সংবাদ মাধ্যমৰ আগত বৈঠকৰ সিদ্ধান্তৰ কথা অৱগত কৰে।

ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত সকলো কৰ্মচাৰীলৈ আগবঢ়াইছে বিহুৰ উপহাৰ। বিষয়াৰ পৰা কৰ্মচাৰী আৰু পেন্সনাৰসকলে DA ৪ শতাংশ বৃদ্ধিৰে দৰমহা পাব। অৰ্থাৎ ৩৮ শতাংশৰ পৰা ৪২ শতাংশলৈ বৃদ্ধি কৰা হৈছে DA পৰিমাণ। ৩ মাহৰ এৰিয়াৰ ধন মুকলি কৰা হ’ব চৰকাৰী কৰ্মচাৰীক।

লগতে মন্ত্ৰীসভাত ৪০০০ কোটি টকা ব্যয়সাপেক্ষে মুখ্যমন্ত্ৰী সৌৰ শক্তি প্ৰকল্পৰ অধীনত অসম শক্তি বিতৰণ কোম্পানী সিমিটেডৰ দ্বাৰা অভিযান্ত্ৰিক ক্ৰয় আৰু নিৰ্মাণ মাধ্যমত ১,০০০ মেগাৱাট সৌৰ শক্তি প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত লয়। কাৰ্বি আংলঙত বহুৱাব এই পাৱাৰ প্ৰজেক্ট।

ইফালে, মিচন বসুন্ধৰা ১ আৰু ২ ৰ পিছতো বহু খিলঞ্জীয়া লোকে ভূমিৰ আবণ্টন পোৱা নাছিল, সেয়ে কেবিনেটে ৭৬০টা পৰিয়ালক ভূমি আবণ্টনত সন্মতি দিয়ে।

লগতে, আন্তঃগাঁথনি উন্নীতকৰণৰ দিশত ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা শক্তিশালী কৰাৰ বাবে RIDF ৰ অধীনত অনুমোদিত প্ৰকল্পৰ বাবে নাবাৰ্ডৰ পৰা ২,০৩১.১৪ কোটি টকাৰ ঋণ সংগ্ৰহণত কেবিনেটে অনুমোদন দিয়ে।

লগতে পঢ়ক – মোদীৰ ডিগ্ৰী দাবী কৰাৰ বাবে কেজৰিৱালক ২০,০০০ টকাৰ জৰিমনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply