গুৱাহাটী : অসম ৰাজ্যিক চিৰিয়াখানাত মৃত্যু হৈছে এটা জিৰাফৰ। বৃহস্পতিবাৰে নিশাৰ ভাগত মৃত্যু হয় জিৰাফটোৰ। মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।
অসম ৰাজ্যিক চিৰিয়াখানাত পুনৰ মৃত্যু জন্তুৰ। এইবাৰ চিৰিয়াখানাত মৃত্যু হৈছে এটা জিৰাফৰ। বৃহস্পতিবাৰে নিশাৰ ভাগত হঠাৎ মৃত্যু হয় জিৰাফটোৰ।
উল্লেখ্য যে ২০২০ চনত মহীশূৰৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হৈছিল দুটা জিৰাফ। এটা মতা আৰু এজনী মাইকী জিৰাফ অনা হৈছিল মহীশূৰৰ পৰা।
লগতে পঢ়ক : টীয়ক উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত ব্যতিক্ৰমী প্ৰতিযোগিতা
ইয়াৰে মাইকী জিৰাফৰ বৃহস্পতিবাৰে নিশাৰ ভাগত মৃত্যু হয়। মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ইতিমধ্যে জিৰাফটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হৈছে।