গুৱাহাটীঃ ৰাজকন্যা কাণ্ডক লৈ সৰ্বত্তে চৰ্চা চলি থকাৰ মাজতেই গুৱাহাটী মহানগৰীত নিশা সুৰামত্ত যুৱতীৰ তাণ্ডৱ। শনিবাৰে নিশা মহানগৰীৰ দিছপুৰ যান-বাহন আৰক্ষীৰ জালত পৰিল সুৰামত্ত দুই যুৱতী।

AR 01 N 1101 নম্বৰৰ হুণ্ডাই i10 বাহনত সুৰামত্ত হৈ ৰাজপথৰ মাজত উদ্ভণ্ডালি চলোৱাৰ অভিযোগ দুই যুৱতীৰ বিৰুদ্ধে। ছুপাৰ মাৰ্কেটৰ পৰা দুয়োকে আটক কৰি দিছপুৰ থানালৈ আনে। থানাৰ ভিতৰতো সুৰামত্ত দুই যুৱতীৰ তাণ্ডৱ।

লগতে পঢ়কঃৰাজ্যৰ নিগম নিকায় সমূহৰ অধ্যক্ষৰ তালিকা চূড়ান্ত

দুই যুৱতীক GMCHত স্বাস্থ্য পৰীক্ষা কৰোৱাই দিছপুৰ যান–বাহন আৰক্ষীয়ে। চিকিৎসালয়ৰ ভিতৰতো গৈ চিকিৎসালয়ৰ আন ৰোগীৰ অভিভাৱকক গতিয়ালে সুৰামত্ত যুৱতীয়ে। বৰ্তমান পাণবজাৰ মহিলা আৰক্ষী থানাত ৰখা হৈছে দুই যুৱতীক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply