বৰপেটা : বৰপেটাত ভয়ংকৰ ঘটনা। জন্মদিনৰ কেকৰ মমবাতিৰ জুইত অগ্নিদগ্ধ এগৰাকী যুৱতী। জুই নুমোৱাবলৈ চেষ্টা কৰা এজন যুৱকো আহত হৈছে। আহত যুৱক-যুৱতীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

সোমবাৰে বৰপেটা জিলাত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। জন্মদিনৰ কেক কাটিবলৈ গৈ কেকৰ মমবাতিৰ জুই লাগি অগ্নিদগ্ধ হয় এগৰাকী যুৱতী। যুৱতী গৰাকীৰ শৰীৰৰ জুই নুমোৱাবলৈ চেষ্টা চলাওঁতে এজন যুৱকো অগ্নিদগ্ধ হয়। বেঁকী নদীৰ দলঙত ওপৰত জন্মদিন উদযাপন কৰিবলৈ আহিছিল দুয়ো যুৱক-যুৱতী।

লগতে পঢ়ক : ‘কা’ আন্দোলনত নিহত আৰু আহত সকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা লোৱা হোৱা নাই

আহত যুৱকজনৰ নাম ৰণোজ জাজোদীয়া বুলি জানিব পৰা গৈছে। যুৱক-যুৱতীৰ ঘৰ সৰভোগত। অহাত দুয়োকে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,595 other subscribers

Leave a comment

Leave a Reply Cancel reply