মৰিগাঁও জিলা ভুৰাগাঁৱত বালিডুংগা কিশোৰী ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাঁওতেই জিলাখনত সংঘটিত হৈছে আন এক ঘটনা৷ জিলাখনৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ কালিকাজাড়ীত সংঘটিত হৈছে আন এগৰাকী কিশোৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনা৷
ডিঙিত ৰচি লগাই কোঠাৰ ভিতৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে ৮-৯ বছৰীয়া এগৰাকী কিশোৰী৷ কিশোৰীগৰাকীৰ পিতৃ কৰ্মসূত্ৰে বহিঃৰাজ্যত থাকে আৰু মাতৃৰ চিকিৎসাজনিত কাৰণত চিকিৎসালয়লৈ যোৱাৰ সময়ত ঘৰত কোনো নথকা সুযোগ লৈ কোনো দুৰ্বৃত্তই কিশোৰীগৰাকীক হত্যা কৰি ডিঙিত ৰচি লগাই ওলমাই থৈ গৈছে বুলি অভিযোগ পৰিয়ালৰ ৷
ইতিমধ্যে,মিকিৰভেটা আৰু মৰিগাঁও আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷
লগতে পঢ়ক গোলাঘাটত ক’ভিড পৰিস্থিতি এতিয়াও উদ্বেগ জনক, জনতাৰ সান্ধ্যআইন ভংগ অব্যাহত