সোণাৰিঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ মাজতেই সোণাৰিত শোকাৱহ ঘটনা সংঘটিত হৈছে৷ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰি নিজৰ গাত কেৰাচিন ঢালি আত্মজাহৰ চেষ্টা এগৰাকী ছাত্ৰীৰ৷

সোণাৰিৰ এখন চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱৰ্তীণ হৈছিল ছাত্ৰীগৰাকী৷ ছাত্ৰীগৰাকীয়ে চাৰিটা বিষয়ৰ কাকতত উত্তীৰ্ণ হ’ব নোৱাৰাৰ বাবেই সংঘটিত কৰিলে এই ঘটনা৷

ইতিমধ্যে ৫০ শতাংশতকৈ অধিক অগ্নিদগ্ধ ছাত্ৰীগৰাকীক পৰিয়ালৰ লোকে প্ৰথমে সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply