ছায়গাঁও : বিহাৰৰ পৰা ২ মাহ পূৰ্বে অপহৰণ কৰা নাবালিকাসহ অপহৰণকাৰীক ছয়গাঁৱৰ ছাটাবাৰীত আটক কৰিলে ছয়গাঁও আৰক্ষীয়ে। জানিব পৰা মতে, বিহাৰৰ ছিটামাৰী জিলাৰ পৰিহাৰ থানাৰ অন্তৰ্গত ৰাহুল ঠাকুৰ নামৰ যুৱক গৰাকীয়ে দুমাহ পূৰ্বে উক্ত অঞ্চলৰ এগৰাকী ১৪ বছৰীয়া নাবালিকাক অপহৰণ কৰি আনি অসমৰ কামৰূপ জিলাৰ গৰৈমাৰীৰ এজন যুৱকৰ ঘৰত লুকুৱাই ৰাখিছিল।
এই বিষয়ে বিহাৰৰ নাবালিকা গৰাকীৰ পিতৃয়ে শুকুৰবাৰে ছয়গাঁও আৰক্ষীৰ থানাত অৱগত কৰে। ইয়াৰ পিছতে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত অভিযান চলাই অপহৰণকাৰীৰ লগতে নাবালিকা গৰাকীসহ কিছু অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে অপহৰণকাৰী জনে ছয়গাঁৱৰ ছাটাবাৰীৰ এট উদ্যোগত কৰ্মৰত হৈ আছিল।
লগতে পঢ়ক : প্ৰতিশ্ৰুতিমতে কাম কৰি দেখুৱালে ৰেকিবুদ্দিন আহমেদে
ছয়গাঁও আৰক্ষীয়ে অভিযান চলাই অপহৰণকাৰী ৰাহুল ঠাকুৰক ছাটাবাৰীৰ পৰা আটক কৰে। অধিক তদন্তৰ বাবে ছায়গাঁও আৰক্ষীয়ে অপহৰণকাৰী যুৱকজনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।