ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত পূব বালিগাঁৱৰ ডিম্পল দাস আৰু ৰুমী দাসৰ ১৩ বছৰীয়া কন্যা দীপাক্ষী দাস যোৱা এসপ্তাহ ধৰি নিৰুদ্দেশ হৈ আছে।


ঢকুৱাখনা বালিকা মজলীয়া অভ্যসন বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ থকা ছাত্ৰী গৰাকী ৪ ফেব্ৰুৱাৰীৰ বিয়লি প্ৰায় ৫ বজাৰ পৰা নিখোজ হৈ থকাৰ কথা পৰিয়ালৰ ফালৰ পৰা প্ৰকাশ কৰিছে।


সন্ধানহীন হোৱাৰ পাছতেই ঢকুৱাখানা আৰক্ষীথানাত এজাহাৰ দাখিল কৰিছিল যদিও উদ্ধাৰৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক লৈও সন্তুোষ্ট নহয় পৰিয়ালটো।

সন্ধানহীন হৈ থকা কিশোৰী গৰাকীৰ পিতৃ মাতৃয়ে সংবাদমাধ্যমক জনোৱা মতে সদৰ থানাৰ অন্তৰ্গত পূব বালি গাঁৱৰ প্ৰয়াত লীলা দাসৰ পুত্ৰ মনু দাসে পুৰণি কপহুৱা গাঁৱৰ আত্মীয় মলী দাসৰ সহযোগত তেওলোকৰ কন্যাক প্ৰলোভন দি বলপূৰ্বক ভাবে অপহৰণ কৰি অজ্ঞাত স্থানলৈ নিছে । মনু দাসক অসৎ প্ৰকৃতিৰ , দাগী অপৰাধী বুলি জানিবলৈ দিয়ে পৰিয়ালটোৱে।


কোনো ব্যক্তিয়ে কিশোৰী গৰাকীৰ সন্ধান পালে ৮৮১২৯৩০৬৭৪ নম্বৰত অথবা সমীপৰ আৰক্ষী থানাত অৱগত কৰাৰ আহ্বান জনাইছে পৰিয়ালবৰ্গই। ইপিনে ঢকুৱাখনা সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৬ (ক) ধাৰাত এটা গোচৰ পঞ্জীভূত কৰিছে। আনহাতে তদন্তকাৰী আৰক্ষী বিষয়াই অভিযুক্ত আচামীটোৰ চলাই থকা বুলি জানিবলৈ দিয়ে।

লগতে পঢ়কঃবিশিষ্ট উদ্যোগপতি ৰতন টাটাক ‘অসম বৈভৱ’ বঁটা প্ৰদান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply