বিশ্বনাথ : আফগানিস্তানত চলি থাকে তালিবানৰ শাসনত নহয়, এইখন অসমতে তালিবানী শাসন। সাধাৰণ জিন্স পেন্ট পিন্ধাৰ বাবে এগৰাকী যুৱতীক দুৰ্ব্যবহাৰ। ইছলাম ধৰ্মীয় যুৱতী এগৰাকী জিন্স পেন্ট পিন্ধি এজন ইছলাম ধর্মীয় লোকৰ ঘৰত প্ৰৱেশ কৰাত যুৱতী গৰাকী সন্মূখীন হ’বলগীয়া হৈছে দুৰ্ব্যবহাৰৰ। নুৰুল আমিন নামৰ এজন লোকে যুৱতী এগৰাকীক তেওঁৰ ঘৰত জিন্স পেন্ট পিন্ধি অহাৰ বাবে দুৰ্ব্যবহাৰ কৰি ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিয়ে।
তালিবানী শাসনৰ এই ঘটনা সংঘটিত হৈছে বিশ্বনাথত। বিশ্বনাথ নগৰৰ দৈনিক বজাৰৰ বাসিন্ধা আয়ুব খানৰ কন্যা যোৱা ২৫ তাৰিখে ঘৰৰ কাষৰে নুৰুল আমিন নামৰ এজন লোকৰ ঘৰত হেডফোন ক্ৰয় কৰিবলৈ গৈছিল। যুৱতী গৰাকীয়ে জিন্স পেন্ট পিন্ধি যোৱাৰ বাবে নুৰুল আমিনে যুৱতী গৰাকীক দুৰ্ব্যবহাৰ কৰি নিজৰ ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিয়ে।
আনহাতে এই ঘটনা সন্দৰ্ভত যুৱতী গৰাকীৰ পিতৃ আয়ুব খানে নুৰুল আমিনক প্ৰশ্ন কৰাত নুৰুল আমিনৰ দুই পুত্ৰ ৰফিকুল ইছলাম আৰু ছহিদুল ইছলামে আয়ুব খানক ৰাস্তাত ধৰি মাৰধৰ কৰে। আয়ুব খানে এই সন্দৰ্ভত বিশ্বনাথ সদৰ আৰক্ষী থানত এক এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত বিশ্বনাথ সদৰ থানাই নুৰুল আমিনৰ দুই পুত্ৰক আটক কৰে।
লগতে পঢ়ক : ৰূপহীহাটৰ কাৱৈমাৰীত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ প্ৰতিবাদ
আনফালে নুৰুল আমিনেও বিশ্বনাথ সদৰ আৰক্ষী থানাত আয়ুব খানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি বিশ্বনাথ নগৰৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।