উৎস : টুইটাৰ

বুধবাৰে বিভিন্ন সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈ পৰে। উক্ত ভিডিঅ’টোত এটা কোঠাৰ ভিতৰত কেইজনমান যুৱক এগৰাকী এগৰাকী যুৱতীয়ে আন এগৰাকী যুৱতীৰ ওপৰত বৰ্বৰভাৱে শাৰীৰিক আৰু যৌন অত্যাচাৰ চলোৱা দেখা যায়।

উক্ত ঘটনা ক’ত সংঘটিত হৈছে সেই কথা এই পৰ্য্যন্ত পোহৰলৈ অহা নাই যদিও অত্যাচাৰৰ বলি হোৱা যুৱতী গৰাকী উত্তৰ-পূবৰ বুলি ধাৰণা কৰা হৈছে।

দলটোয়ে যুৱতী গৰাকীয়ে পিন্ধি থকা কাপোৰ ফালি তেওঁক উলংগ কৰি গুপ্তাংগত বটল আৰু ভৰিৰে আঘাট কৰি তেওঁৰ ওপৰত ধৰ্ষণ কাৰ্য্য চলায়।

আনহাতে প্ৰথম অৱস্থাত ভিডিঅ’টো ৰাজস্থানৰ যোধপুৰত কিছুদিন পূৰ্বে ধৰ্ষণৰ বলি হৈ আত্মহত্যা কৰা নাগালেণ্ডৰ লভিকালি চুমি নামৰ যুৱতী গৰাকীৰ বুলি সন্দেহ কৰা হৈছিল যদিও দিল্লীৰ আৰক্ষীৰ বিশেষ আয়ুক্ত ৰবীন হিবুৱে ‘ভিডিঅ’টো যোধপুৰত আত্মহত্যা কৰা নগা যুৱতী ল’ভিকালি চুমিৰ নহয়’ বুলি স্পষ্ট কৰি দিয়ে।

যুৱতী গৰাকীৰ পৰিচয় উদ্ধাৰৰ বাবে চেষ্টা চলাই থকা হৈছে বুলি উল্লেখ কৰি দিয়া এটা ফে’চবুকৰ প’ষ্টত তেওঁ কয়, ‘আমি দোষীসকলক চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছো’।

কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে উক্ত ঘটনাটো যোধপুৰৰ নহয় বুলি টুইটযোগে মন্তব্য কৰে। তেওঁ কয়, ‘চাৰিজন পুৰুষ আৰু এগৰাকী মহিলাই বৰ্বৰতাৰে ধৰ্ষণ আৰু অত্যাচাৰ কৰা ভাইৰেল ভিডিঅ’টোৰ উত্তৰ-পূৰ্ৱৰ এই যুৱতীগৰাকী যোধপুৰৰ ঘটনাটোৰ লগত সম্পৰ্ক নাই। মই যোধপুৰ ঘটনাৰ সন্দৰ্ভত যোধপুৰৰ আৰক্ষী আয়ুক্তৰ সৈতে বিশদভাৱে কথা পাতিছিলো। অৱশ্যে দোষীসকলক কৰায়ত্ত কৰিবলৈ সকলো ৰাজ্যৰ আৰক্ষীয়ে চেষ্টা চলাব লাগিব।‘

লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ বিধায়কক ‍‘চাইনীজ’ আখ্যা; কি উপদেশ দিলে বডিউডৰ অভিনেতাই?

অসম আৰক্ষীয়ে উক্ত ভিডিঅ’ৰ কেতবোৰ স্ক্ৰিনশ্বট আপল’ড কৰি ইয়াত জড়িত ৫ গৰাকীৰ দোষীৰ ফটো প্ৰকাশ কৰিছে আৰু এই সম্পৰ্কে আৰক্ষীক সম্ভেদ দিব পৰা ব্যক্তিক পুৰস্কৃত কৰা হ’ব বুলি সদৰী কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply