গোৱালপাৰাঃ দেশৰ সৈনিক স্কুল বোৰত কেৱল ল’ৰাইহে শিক্ষাগ্ৰহণ কৰিব পাৰিছিল কিন্তু এতিয়াৰে পৰা কেৱল ল’ৰাই নহয় ছোৱালীয়েও শিক্ষাগ্ৰহণ কৰিব পাৰিব। ছোৱালীৰ বাবেও মুকলি হ’ল সৈনিক স্কুলৰ দুৱাৰ। স্বাধীনতা দিৱসৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই বিষয়ে ঘোষণা কৰাৰ পাছতেই এক নতুন যুগৰ সূচনা হ’ল।

অসমৰ গোৱালপাৰাত থকা একমাত্ৰ সৈনিক স্কুলখনত শেহতীয়াকৈ ১০ গৰাকী ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰথমবাৰৰ বাবে নাম ভৰ্ত্তি কৰিছে।

লগতে পঢ়কঃঅসম ষ্টার্ট-আপৰ ক’হ’ৰ্ট ৩.০ আৰু ট্রেইলব্লাজাৰ্ছ ২০ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে

স্বাধীনতা দিৱসৰ দিনাই সৈনিক স্কুলৰ খনৰ প্ৰথমটো ছাত্ৰীনিৱাস আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে।

প্ৰথমটো ছাত্ৰীনিবাসৰ শুভ উদ্বোধন কৰে সৈনিক স্কুলৰ চৌহদত থকা বাল মন্দিৰ প্লাবিক স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী তথা সৈনিক স্কুলৰ অধ্যক্ষ কেপ্তেইন এ মথুৰামনৰ সহধৰ্মিণী উৰ্মিমালা দাসে৷ 

নতুন কৈ উদ্বোধন কৰা ছাত্ৰীনিবাসটো চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নামৰে নামকৰণ কৰিছে ৷

প্ৰত্যেক বছৰে ১০ গৰাকীকৈ ছোৱালীয়ে সৈনিক স্কুলত নামভৰ্তি কৰিব পাৰিব ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply