গুৱাহাটী– গুৱাহাটীৰ অগ্ৰণী কাৰিকৰী প্ৰতিষ্ঠান GITৰ স্বত্বাধিকাৰ তথা ‘আমি অসমৰ জনগণ’ কাকতৰ প্ৰাক্তন সম্পাদক সঞ্জীৱ গোস্বামীৰ মৃত্যু। বৃহস্পতিবাৰে পুৱা পূব শৰণীয়াৰ অস্থায়ী বাসভৱনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় সঞ্জীৱ গোস্বামীৰ। যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল সঞ্জীৱ গোস্বামী। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৮ বছৰ।
সাংবাদিকতাৰে কৰ্ম জীৱন আৰম্ভ কৰা গোস্বামী প্ৰাগ নিউজকে ধৰি বহু সংবাদ প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল। শেহতীয়াকৈ তেওঁ বিএম নিউজ নামৰ ৱেব পৰ্টেলত যোগেদি সাংবাদিকতা অব্যাহত ৰাখিছিল। তেওঁ জিআইটিৰ এটা শাখাও নগাওঁতো স্থাপন কৰিছিল।
মৃত্যুৰ সময়ত তেওঁ পত্নী ৰুবী গোস্বামী আৰু একমাত্ৰ পুত্ৰ সন্তানক এৰি থৈ যায়।