গুৱাহাটী : “গীতালি বৰাৰ গদ্যত কবিতা আছিলেই। তেওঁৰ গল্প আৰু উপন্যাসত কাব্যচেতনা আৰু সংগীতময়তা মই আগৰে পৰা লক্ষ্য কৰিছিলোঁ গল্পকাৰ আৰু ঔপন্যাসিক গীতালি বৰাৰ প্রথম কাব্য সংকলন ‘নিচুক তৰাৰ দৰে’ উন্মােচন কৰি এই মন্তব্য কৰে গল্পকাৰ, কথাশিল্পী তথা সাতসৰী’ আলােচনীৰ কাৰ্যবাহী সম্পাদক অতনু ভট্টাচার্যই।
উক্ত অনুষ্ঠানতে বক্তব্য ৰাখি অসম প্ৰকাশন পৰিষদৰ সচিব প্রমােদ কলিতাই কয় যে জনপ্রিয় আৰু মান্য সাহিত্যৰ সীমাৰেখা মচি সাহিত্যক পাঠকৰ মাজলৈ লৈ যােৱাৰ বাবে প্রকাশক আৰু লেখক সকলাে যত্নপৰ হােৱা উচিত। গীতালি বৰাৰ কাব্য যাত্রাৰ আৰম্ভণিৰ বিষয়ে শ্রোতা দর্শকক অৱগত কৰে ‘প্ৰকাশ’ৰ সম্পাদক আৰু বিশিষ্ট সাংবাদিক মিহিৰ দেউৰীয়ে।
গীতালি বৰাৰ গদ্যকো তেওঁৰ ভাষাৰ সংগীতময়তা আৰু বিক্ষিপ্ত ভাবনাই সমৃদ্ধ কৰে বুলি মিহিৰ দেউৰীয়ে উল্লেখ কৰে। ‘নিচ তৰাৰ দৰে’ৰ জন্মৰ বিষয়ে বক্তব্য ৰাখিবলৈ গৈ গীতালি বৰাই যােৱা দুবছৰ ধৰি অতিমাৰীয়ে অনা সমাজ পাৰিপাৰ্শৰ পৰিবর্তন, মৃত্যুময়তা আৰু সামগ্রিক হতাশাজনক পৰিৱেশৰ কথা উল্লেখ কৰে।
লগতে পঢ়ক : ২৯ ডিচেম্বৰত চানচিল্ক মেগা মিছ নর্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে
নিজৰ কবিতাখিনিক অক্ষম গল্প বা নিলিখা কাহিনীৰ সমাধি বুলি উল্লেখ কৰি গীতালি বৰাই নিজৰ গল্প লেখক সত্তাহে সকলাে সৃষ্টিতে ক্রিয়াশীল হৈ থকাৰ কথা দোহাৰে। এই অনুষ্ঠানত নীলিম কুমাৰ, লুটফা হানুম ছেলিমা বেগম, ডাঃ অপুর্ব শইকীয়া, প্রশান্ত সাগৰ চাংমাই আদি অসমৰ বহুকেইজন বিশিষ্ট কবি-লেখক উপস্থিত থাকে।