গুৱাহাটীঃ মহানগৰীত চেলুনত চুলি কাটিবলৈ গৈ যুৱকৰ হাতত শ্লীলতা হানিৰ অভিযোগ অৰুণাচলী যুৱতীৰ। চুলি কটাৰ চলেৰে নাপিতে যুৱতীৰ গোপন অংগত হাত দিয়াৰ অভিযোগ উত্থাপন কৰিছে যুৱতী গৰাকীয়ে। জু-নাৰেংগী ৰোডস্থিত সুৰজ চেলুনত সংঘটিত হৈছে এই ঘটনা।
গীতানগৰ আৰক্ষী থানাত অৰুণাচলী যুৱতী গৰাকীয়ে গোচৰ ৰুজু কৰে যদিও গীতানগৰ আৰক্ষীয়ে যুৱতীৰ গোচৰ ল’বলৈ মান্তি হোৱা নাছিল। ভুক্তভোগীক টানি আজুৰি লৈ গৈছিল পুৰুষ আৰক্ষীয়ে। নিশাৰ সময়ত মহিলা আৰক্ষী নথকাক লৈ সাংবাদিকে কৰা প্ৰশ্নৰো উত্তৰ নিদিলে আৰক্ষীয়ে।সংবাদমাধ্যমৰ উপস্থিতিতহে গোচৰ ৰুজু কৰিবলৈ বাধ্য হয় গীতানগৰ আৰক্ষী। আনকি সংবাদ মাধ্যমক বাতৰি সংগ্ৰহতো বাধা প্ৰদান কৰে গীতানগৰ আৰক্ষীয়ে।