নিউজ ডেস্কঃ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে IPL ৰ খেল। বৰ্ষাপাৰা ষ্টেডিয়ামত দুখনকৈ IPL মেচ পতাৰ সৌভাগ্য লাভ কৰিছে অসম ক্ৰিকেট সন্থাই। ইতিমধ্যেই বুধবাৰে ৰাজস্থান ৰয়েলছ আৰু পঞ্জাৱ কিংছৰ মাজত প্ৰথম খেল অনুষ্ঠিত হৈ গৈছে।

যিহেতু গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে IPL ৰ খেল তাৰ বাবে দৰ্শকৰো যথেষ্ঠ ভিৰ দেখা গ’ল। কিন্তু দৰ্শকে খেল চাবলৈ যাওঁতে দেখা পালে এক অদ্ভুত দৃশ্য। আপোনালোকে হয়তু ইতিমধ্যেই অৱগত হৈছেই ।

দেশী বিদেশী তাৰকা খেলুৱৈ চকুত যাতে মৰা ভৰলুৰ অৱস্থা দেখা নাপায় তাৰ বাবে GMCৰ কতৃপক্ষই নদীখনক ট্ৰিপালেৰে ঢাকি দিছিল। ফটাশিল আমবাৰী, ভাস্কৰ নগৰ আদি অঞ্চলত নৈখন আৱৰ্জনাৰে ভৰি আছে যাতে সেইবোৰ দেখি মহানগৰ খন দেশী-বিদেশী তাৰকা খেলুৱৈ চকুত পৰি অপমানিত নহয় তাৰ বাবে অস্থায়ী ভাৱে ঢাকি দিয়া হৈছে সেউজীয়া ৰঙৰ ট্ৰিপালেৰে।

তাকে দেখি ফটাশিল আমবাৰী, ভাস্কৰ নগৰ বাসীয়ে কেৱল প্ৰতিক্ৰিয়া কৰিছে তেনে নহয়, সমগ্ৰ গুৱাহাটীৰ লগতে অসমবাসীয়ে সমাজিক মাধ্যমত GMC, চৰকাৰক গালি পাৰিছে নহয় কিছুসকলে ইতিকিং কৰিছে আৰু হাঁহিছেও এনেবোৰ কাণ্ড দেখি।

তাকে এনে কাণ্ড দেখি কিছুমানে আকৌ গুজৰাটৰ কাণ্ডও মনত পেলাবলৈ নাপাহৰিলে। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে গুজৰাটলৈ অহাৰ সময়তক তেতিয়া ৰাজ্যখনৰ বস্তিবোৰ নেদেখিবলৈ ওখ ওখ দেৱাল বনাই দিয়া হৈছিল। যাতে ডিজেটেল ইণ্ডিয়াক বাস্তৱ দৃশ্যখন আমেৰিকা বাসীয়ে দেখা নাপায়।

GMC য়ে কিয় ঢাকিবলগীয়া হ’ল ভৰলু নদীক ট্ৰিপালেৰে

পিছে আমি যিদৰে ভাবিছো তেনেদৰে GMC য়ে ভবা নাই। মৰা ভৰলুক ট্ৰিপালেৰে কিয় ঢাকিব লগীয়া হ’ল GMC য়ে নিজেই ফেচবুক পোষ্টৰ জৰিয়তে জনালে। তেওঁলোকে পোষ্টটোত লিখে যে, “মহে যাতে আলহীক আমনি নকৰে তাৰ বাবে GMC য়ে চেষ্টা কৰিছে”। লগতে গাঁঠি দিয়া হৈছে মহ খেদোৱা কেইখন মান ফটো।

হয়তু এইয়াও নোহোৱা নহয়। আপুনি বা মইও সৰুতে বিজ্ঞান কিতাপত পঢ়িছিলোঁ লেতেৰা পানী য’ত মহেও কণী পাৰে তাতে।

পিছে যিকি নহওক মহ পৰা আলহীক বচাবলৈ হওক বা মৰা ভৰলুৰ আৱৰ্জনাক ঢাকিবলৈ হওক GMC য়ে কিন্তু মহানগৰৰ নাকটো বচাবলৈ কিছু সক্ষম হ’ল বুলি ক’ব পাৰি।

লগতে পঢ়ক – NIA আদালতত অখিল গগৈৰ শুনানি গ্ৰহণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply