নিউজ ডেস্কঃ ঘোষণা কৰা হ’ল গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ প্ৰথমটো ফলাফল। ভোটগ্ৰহণৰ পূৰ্বেই বিজেপিৰ এগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। উল্লেখ্য যে, ২২ নং ৱাৰ্ডৰ পৰা জয়ী হৈছে বিজেপি প্ৰাৰ্থী স্মিতা ৰয় দাস।

স্মিতা ৰয় দাস জয়ী হোৱাৰ পাছতে এতিয়া উচাহ-আনন্দ দেখিবলৈ পোৱা গৈছে দলটোৰ কৰ্মীসকলৰ মাজত। বিজেপিৰ অসম প্ৰদেশৰ ছচিয়েল মিডিয়াত ইতিমধ্যে এই কথা সদৰি কৰা হৈছে। ফেচবুক পোষ্টটোত লিখা হৈছে যে- ‘গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হোৱা ২২ নং ৱাৰ্ডৰ বিজেপি মনোনীত প্ৰাৰ্থী শ্ৰীমতী স্মিতা ৰয় দাস ডাঙৰীয়ানীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।’

উল্লেখযোগ্য যে, শেহতীয়াকৈ নিৰ্বাচন আয়োগে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ তাৰিখ সলনি কৰিছিল। সেই অনুসৰি, ২২ এপ্ৰিলত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ। তাৰপাছত ২৪ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগণনা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply