নিউজ ডেস্কঃ গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ দিন সলনি কৰা হৈছে। পূৰ্বৰ ১৯ এপ্ৰিলৰ পৰিৱৰ্তে ২২ এপ্ৰিল, ২০২২ত অনুষ্ঠিত হ’ব জিএমচি নিৰ্বাচন। অসম নিৰ্বাচন আয়োগে এই ঘোষণা কৰিছে। ইফালে, ২৪ এপ্ৰিলত এই নিৰ্বাচনৰ হ’ব ভোটগণনা। জানিব পৰা মতে, বিহুৰ পৰিপ্ৰেক্ষিতত সলনি কৰা হৈছে নিৰ্বাচনৰ দিন।
উল্লেখ্য যে, ২৩ মাৰ্চত নিৰ্বাচন আয়োগে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল ১৯ এপ্ৰিল। সেই মৰ্মে ১৯ এপ্ৰিলৰ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ ভোটগ্ৰহণ চলাৰ বিপৰীতে ২১ এপ্ৰিলৰ পুৱা ৮ বজাৰ পৰা ভোট গণনা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছিল।
ইফালে, পৌৰ সভাৰ নিৰ্বাচনৰ দৰে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ই ভি এমত ভোটদান হ’ব বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰিছে। বুধবাৰে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হৈছে। সম্পূৰ্ণ ক’ভিড নীতি নিৰ্দেশনা মানি গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোটদান আৰু ভোটগণনা অনুষ্ঠিত কৰিব লাগিব বুলিও ঘোষণা কৰে নিৰ্বাচন আয়োগে।