গুৱাহাটী পৌৰ নিগমৰ অভিযন্তা গ্ৰেপ্তাৰ

গুৱাহাটী পৌৰ নিগমৰ সহকাৰী অভিযন্তা দিবাকৰ মালীক লোৱাৰ সময়তেই আজি হাটে লোটে ধৰে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক অপৰাধ অনুসন্ধান শাখাৰ এটা দলে।

৫ হাজাৰ উৎকোচ লোৱাৰ সময়তে অভিযানকাৰী দলটোৱে ফাঁচী বজাৰৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে দিবাকৰ মালীক।

শিৱানছ এণ্টাৰপ্ৰাইজৰ ঠিকাৰ বিলৰ নামত সহকাৰী অভিযন্তা দিবাকৰ মালীয়ে ৩০ শতাংশ কমিছন বিচাৰিছিল।
ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে উৎকোচ বিচৰাৰ কথা দুৰ্নীতি নিবাৰক শাখাক জনাইছিল, শিৱাংশ এণ্টাৰপ্ৰাইজৰ বিষয়-ববীয়া মানস বৰ্মন, দিগন্ত ডেকা আৰু তাবিজ বড়োৱে।

ইয়াৰ পিছতে দুৰ্নীতি নিবাৰক শাখাই ঠিকাদাৰী প্ৰতিষ্ঠানটোক দিয়া নিৰ্দেশ অনুসৰি কমিছনৰ আগধন হিচাপে ৫ হাজাৰ টকাৰ দিয়াৰ সময়তে অভিযন্তা দিবাকৰ মালীক হাতে লোটে ধৰে।

উল্লেখ্য যে ২০১৮-২০ লৈ নলা-নৰ্দমা চাফাইৰ কামৰ আবন্টনৰ ঠিকা লাভ কৰিছিল প্ৰতিষ্ঠানটোৱে।

শিৱাংশ এণ্টাৰপ্ৰাইজৰ দিগন্ত ডেকাই জনোৱা মতে, দুবছৰৰ পূৰ্বে কাম কৰা মুঠ প্ৰায় ৯ লাখ টকাৰ ২,১২ লাখ টকা মোকোলাই দিছিল বিভাগে | সেই ধন পোৱাৰ সময়তে GMC ফাঁচি বজাৰত থকা চতুৰ্থ ডিভিজন কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা পিংকী ডেকাই ফোন কৰি উৎকোচ বিচৰা বুলি জনাই। সেই সম্পৰ্কে GMCৰ সহকাৰী অভিযন্তা দিবাকৰ মালীক লগ কৰিবলৈ কয় । পিছৰ পৰ্যায়ত আৰক্ষীক অবগত কৰি আজি ৫ হাজাৰ টকা দিয়াৰ সময়তে আৰক্ষীয়ে অভিযন্তা জনক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক-ডবকাৰ শালগছ ধ্বংসৰ প্ৰস্তুতিক লৈ আমছুৰ প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply