গুৱাহাটী – গুৱাহাটী পৌৰ নিগমৰ নতুন আয়ুক্ত হিচাপে যোগ দিব বৰ্তমান শিৱসাগৰৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা মেঘনিধি দাহালে। উল্লেখ্য যে ৰাজ্য চৰকাৰে শুক্ৰবাৰে এক নিৰ্দেশ যোগে কেবাখনো জিলাৰ উপায়ুক্তক ৰদ বদল কৰাৰ উপৰিও প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত কেতবোৰ সালসলনি ঘটায়৷ সেই অনুসৰি গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শৰ্মাক মৰিগাঁৱৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে। ইয়াৰ বিপৰীতে গুৱাহাটী পৌৰ নিগমৰ নতুন আয়ুক্তৰ দায়িত্ব দিয়া হৈছে মেঘা নিধি দাহালক।
ইফালে, শিৱসাগৰৰ নতুন উপায়ুক্ত হিচাপে বদলি কৰা হৈছে আদিত্য বিক্ৰম যাদৱক ৷ যাদৱে সাধাৰণ প্ৰশাসন বিভাগৰ যুটীয়া সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছিল ৷ আনহাতে, ৰাজ্য চৰকাৰৰ ট্ৰেঞ্চফৰ্মেছন এণ্ড ডেভেলপমেন্ট বিভাগৰ যুটীয়া সচিব ড৹ ছদনেক সিংক ওদালগুৰি জিলাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে ৷ ইয়াৰ উপৰি, ড. সিংক অতিৰিক্তভাৱে বিটিআৰৰ সচিবৰ দায়িত্বও অৰ্পণ কৰা হৈছে ৷

মৰিগাওঁ জিলালৈ দেবাশীষ শৰ্মা বদলি হৈ যোৱাৰ বিপৰীতে বৰ্তমান মৰিগাঁৱৰ উপায়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰি থকা প্ৰকাশ ৰঞ্জন ঘৰফলীয়াক গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব পদলৈ বদলি কৰা হৈছে ৷ ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ তৰফৰ পৰা তপ্ৰকাশ পোৱা একেটা নিৰ্দেশতে ওদালগুৰিৰ উপায়ুক্ত তথা বিটিআৰৰ সচিবৰূপে কাৰ্যনিৰ্বাহ কৰি থকা ড৹ পি উদয় পাৰবীনক গোলাঘাটৰ নতুন উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ৷ আনহাতে গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱাক মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ যুটীয়া সচিব পদলৈ বদলি কৰা হৈছে ৷