গুৱাহাটী : গুৱাহাটী পৌৰ নিগমৰ বৈধ ব্যৱসায়িক অনুজ্ঞাপত্র অবিহনে মহানগৰীত একাংশ ব্যৱসায়ীয়ে চলাই আহিছে হোটেল, ৰেস্তোৰাঁ, ল’জ আৰু ইউনিছেক্স স্পা৷ বৃহৎ পৰিমাণৰ ৰাজহ তথা কৰ ফাঁকিৰে মহানগৰীত অবৈধভাৱে বেহা চলাই অহা এনে ব্যৱসায়িক প্রতিষ্ঠানৰ বিৰুদ্ধে জিএমচি কর্তৃপক্ষই যোৱা ১৫ দিনত মহানগৰীৰ বিভিন্ন প্রান্তৰ ৫৫ খন প্রতিষ্ঠানত অভিযান চলায়৷

গণেশগুৰি, এবিচি, পল্টনবজাৰ, লাখটকীয়া, ভঙাগড়, উলুবাৰী, ৰাজগড়, ছয়মাইল, জুৰোড, হেঙেৰাবাৰী আদি অঞ্চলত জিএমচিয়ে অভিযান চলোৱা ৫৫ খন ব্যৱসায়িক প্রতিষ্ঠানৰ ৪৭ খনৰে নাই বৈধ ব্যৱসায়িক অনুজ্ঞাপত্র৷ অবৈধভাৱে ব্যৱসায় চলোৱা এনে ব্যৱসায় প্রতিষ্ঠানৰ গৰাকীক জৰিমনা বিহাৰ লগতে জিএমচি কর্তৃপক্ষই জাননী প্রেৰণ কৰে৷ অৱশ্যে ইয়াৰে অধিকাংশই ইউনিছেক্স স্পা, চেলুন বুলি জানিব পৰা গৈছে৷

লগতে পঢ়ক :  মানকাচৰ মহাবিদ্যালয়ৰ প্ৰবক্তা আৰু কৰ্মচাৰীৰ কৰ্ম বিৰতি

উল্লেখ্য যে কিছুদিন পূৰ্বে বিউটি পাৰ্লাৰ আৰু স্পাকলৈ গুৱাহাটী পৌৰ নিগমে কেতবোৰ বাধ্যতামূলক নিৰ্দেশনা জাৰি কৰিছিল। গুৱাহাটী পৌৰ নিগমৰ নিৰ্দেশনা অনুসৰি বিউটি পাৰ্লাৰ আৰু স্পাৰ ট্ৰেড লাইচেঞ্চ লাগিলে বিশেষ কিছুমান নীতি-নিৰ্দেশনা মানিব লাগিব। বিউটি পাৰ্লাৰ আৰু স্পাৰ ভিতৰত আছুতীয়া কোঠা থাকিব নোৱাৰিব। বিউটি পাৰ্লাৰ আৰু স্পাৰ মুখ্য প্ৰৱেশ দ্বাৰ সম্পূৰ্ণৰূপে স্বচ্ছ হ’ব লাগিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply