গুৱাহাটী : গুৱাহাটী পৌৰ নিগমে মহানগৰী গুৱাহাটীত চলি থকা বিউটি পাৰ্লাৰ, চেলুন আৰু স্পা সমূহৰ ক্ষেত্ৰত কঠোৰ হৈ কেতবোৰ বিশেষ নীতি নিৰ্দেশনা ঘোষণা কৰিছিল। পৌৰ নিগমে কেতবোৰ বাধ্যতামূলক নিৰ্দেশনা জাৰি কৰিছিল বিউটি পাৰ্লাৰ, চেলুন আৰু স্পা সমূহৰ ক্ষেত্ৰত।

গুৱাহাটী পৌৰ নিগমৰ নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা বিউটি পাৰ্লাৰ আৰু স্পাৰ ট্ৰেড লাইচেঞ্চ লাগিলে বিশেষ কিছুমান নীতি-নিৰ্দেশনা মানিব লাগিব। বিউটি পাৰ্লাৰ আৰু স্পাৰ ভিতৰত আছুতীয়া কোঠা থাকিব নোৱাৰিব। বিউটি পাৰ্লাৰ আৰু স্পাৰ মুখ্য প্ৰৱেশ দ্বাৰ সম্পূৰ্ণৰূপে স্বচ্ছ হ’ব লাগিব।

ইয়াৰ উপৰিও বিউটি পাৰ্লাৰ আৰু স্পাত বিপৰীত লিংগৰ লোকে থেৰাপি অথবা মালিচ কৰিব নোৱাৰিব। বিউটি পাৰ্লাৰ আৰু স্পাত যোগ্য থেৰাপিষ্ট থাকিব লাগিব। বিউটি পাৰ্লাৰ আৰু স্পালৈ অহা প্ৰতিজন গ্ৰাহকৰ নাম আৰু ফোন নম্বৰ সংগ্ৰহ কৰিব লাগিব ব্যৱসায়িক প্ৰতিষ্ঠানে। নিৰ্দেশনা নামানিলে ট্ৰেড লাইচেন্স বাতিল কৰা হ’ব।

গুৱাহাটী পৌৰ নিগমে যোৱা ১৫ নৱেম্বৰত এই নিৰ্দেশনা জাৰি কৰিছিল। ইয়াৰ পিছতে গুৱাহাটী মহানগৰীত থকা বিউটি পাৰ্লা, চেলুন আৰু স্পাৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰী সকলে পৌৰ নিগমৰ এই নিৰ্দেশনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

পৌৰ নিগমৰ এই নিৰ্দেশনাৰ পিছতে এটা বিশেষ পক্ষই এই নিৰ্দেশনা সলনি কৰাৰ বাবে উঠি পৰি লগা বুলি জানিব পৰা গৈছে। পৌৰ নিগমৰ নিৰ্দেশনাৰ পিছত বহু বিউটি পাৰ্লাৰ, চেলুন আৰু স্পা বন্ধ হোৱাৰ সম্ভাৱনা আছে। এনে ক্ষেত্ৰত বহু নিবনুৱাই কৰ্মসংস্থাপহীন হোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক : পাঁচখনকৈ চুৰিৰ বাইকসহ দুধর্ষ বাইক চোৰ পৰিল জালত

এনে ক্ষেত্ৰত পৌৰ নিগমৰৰ এই নিৰ্দেশনা সলনি কৰাৰ বাবে এটা পক্ষই হেঁচা প্ৰয়োগ কৰি থকা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে মহানগৰীৰ একাংশ বিউটি পাৰ্লাৰ, চেলুন আৰু স্পাত অনৈতিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ দীর্ঘদিনীয়া।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply