গুৱাহাটীঃ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়।

অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) ডঃ ধ্ৰুৱজ্যেতি হাজৰিকা, পৌৰ সচিব আদিত্য গগৈ, গুৱাহাটী আৰু দিছপুৰ ৰাজহ চক্ৰ বিষয়া তথা অন্যান্য সংশ্লিষ্ট বিষয়াসকল থকা এই সভাত ভোটাৰ তালিকা প্ৰস্তুতকৰণ, আসন সংৰক্ষণ, ই ভি এম মজুতকৰণ আদি বিভিন্ন বিষয়ে আলোচনা কৰা হয়।

উল্লেখ্য যে, অহা ১১ ফেব্ৰুৱাৰীত পৌৰ নিগমৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ পিছত এই সম্পৰ্কে কিবা আপত্তি থাকিলে ভোটাৰসকলে ১৮ ফেব্ৰুৱাৰীলৈকে আপত্তি জনাব পাৰিব। সকলো আপত্তি ২৫ ফেব্ৰুৱাৰীৰ ভিতৰত নিস্পত্তি কৰাৰ পিছত ৫ মাৰ্চত প্ৰকাশ পাব পৌৰ নিগমৰ চূড়ান্ত ভোটাৰ তালিকা।

লগতে পঢ়কঃবিশ্ব কৰ্কট দিৱসৰ উপলক্ষে কৰ্কট ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ বিষয়ক ৱেবিনাৰ অনুষ্ঠিত

লগতে পঢ়কঃকামৰূপ মহানগৰ উপায়ুক্তৰ কাৰ্যালয়ত অনুসূচিত জাতি, জনজাতি তথা অন্যান্য পিছপৰা জাতিৰ উন্নয়ন পৰিষদৰ সভা

আনহাতে, ভোটাৰৰ সুবিধাৰ্থে সভাত উপায়ুক্তগৰাকীয়ে পৌৰ নিগমৰ নিৰ্বাচন সম্পৰ্কীয় এক এপৰ ব্যৱস্থা কৰাৰ পোষকতা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply