নিউজ ডেস্কঃ গুৱাহাটী পৌৰ নিগমৰ নৱ নিযুক্ত মেয়ৰ হিচাপে মৃগেন শৰণীয়াৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে বিজেপিয়ে। মঙলবাৰে গুৱাহাটী মহানগৰীৰ হেঙাৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সভাত জিএমচিৰ নতুন মেয়ৰ হিচাপে মৃগেন শৰণীয়াৰ নাম ঘোষণা কৰা হয়।

উল্লেখ্য যে, পবিত্ৰ ঈদৰ দিনটোতে বিজেপিৰ কাৰ্যালয়টোত এক সভাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী পৌৰনিগমৰ নৱ নিৰ্বাচিত পৰিষদ সকলৰ উপস্থিতি তথা সন্মতি মৰ্মে গুৱাহাটী পৌৰ নিগমৰ নৱ নিযুক্ত মেয়ৰ গৰাকীৰ লগতে উপ মেয়ৰ স্মিতা ৰয়ৰ নামো ঘোষণা কৰা হয়।

ইফালে, বিজেপি, অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই ছচিয়েল মিডিয়াত এটা পোষ্ট দি লিখিছে- ‘গুৱাহাটী পৌৰ নিগমৰ নৱ নিযুক্ত মেয়ৰ আৰু উপ মেয়ৰ দুয়োগৰাকীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।আগন্তুক দুয়ো গৰাকীৰ সবল নেতৃত্বত গুৱাহাটী পৌৰনিগমৰ অন্তৰ্গত ৱাৰ্ডসমূহ গুৱাহাটীবাসী ৰাইজৰ সহায়-সহযোগিতাৰে অধিক উন্নয়নৰ দিশত আগবঢ়াই নিব বুলি আশা কৰিলোঁ।লগতে কৰ্মক্ষেত্ৰত নিজৰ দায়িত্ব নিষ্ঠা সহকাৰে সেৱাৰ মনোভাৱেৰে পালন কৰিবলৈ আহ্বান জনালোঁ।’
