অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে ক’ভিড ভেকচিন লোৱা অৱস্থাত

গুৱাহাটী– প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ টিকাকৰণৰ সফলভাৱে সমাপ্তিৰ পাছত আজিৰে পৰা জিএমচিএইচত আৰম্ভ হৈছে কভিড১৯ৰ তৃতীয় পৰ্যায়ৰ টিকাকৰণ প্ৰক্ৰিয়া। এই পৰ্যায়ত ৬০ বছৰৰ ঊৰ্দ্ধৰ বয়োজ্যেষ্ঠ লোকসকলক দিয়া হৈছে। টিকাকৰণ ল’বলৈ আহোতে সকলোৱে নিজৰ পৰিচয় পত্ৰ লগত লৈ আহিব লাগিব। উল্লেখ্য যে কোনো জটিল ৰোগত আক্ৰান্ত তথা দুৰ্বল ব্যক্তিক কভিডৰ টিকাকৰণ প্ৰদান কৰা নহ’ব বুলি জিএমচিএইচৰ অধীক্ষক অভিজিত শৰ্মাই মন্তব্য কৰে।শুকুৰবাৰলৈকে ধাৰাবাহিকভাৱে চলি থাকিব কভিড১৯ৰ টিকাকৰণ প্ৰক্ৰিয়া।

কভিড টিকাকৰণৰ প্ৰথম পৰ্যায়ত ২৯৬৪গৰাকী স্বাস্থ্যকৰ্মীক প্ৰদান কৰা হৈছিল। একেদৰেই দ্বিতীয় পৰ্যায়ত ২৯৭গৰাকী পুৰুষ আৰু ৪৫১ গৰাকী মহিলাক কভিড টিকাকৰণ প্ৰদান কৰা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply