নিউজ ডেস্ক : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত খালী হোৱা এটা কাৰিকৰী বিষয়াৰ পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। উক্ত পদটো সম্পূৰ্ণৰূপে ঠিকাভিত্তিক হ’ব বুলি জি এম চি এইচ কৰ্তৃপক্ষই সদৰী কৰিছে।
এক বিজ্ঞাপন যোগে জি এম চি এইচ কৰ্তপক্ষই জনোৱা মতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মিক্ৰোবায়’লজি বিভাগত হ’ব লগীয়া উক্ত নিযুক্তি ভাৰত চৰকাৰৰ “National Viral hepatitis Surveillance Programme” আচনিৰ অধীনত ৱাক-ইন-ইন্টাৰ্ভিউৰ জৰিয়তে সম্পন্ন কৰা হ’ব।
পদৰ নাম – কাৰিকৰী বিষয়া (Technical Officer), এটা পদ। দৰমহা মাহিলি ৬০,০০০ টকা। সাক্ষাৎকাৰৰ দিন – ৯ নৱেম্বৰ ২০২১।
প্ৰাৰ্থী Microbiology/ Biotechnology -ত স্নাতকোত্তৰ হোৱাৰ লগতে Molecular Biology –ত ৩ বছৰৰ অভিজ্ঞতা বা Microbiology Biotechnology -ত পি এইচ ডি ডিগ্ৰী অধিকাৰী হ’ব লাগিব।
আগ্ৰহী প্ৰাৰ্থীসকলে অহা ৯ নৱেম্বৰৰ পুৱা ১০ বজাত নিজৰ পাছপ’ৰ্ট ছাইজ ফটো তথা যাৱতীয় ডকুমেণ্টছসহ তলৰ ঠিকনাত উপস্থিত হ’ব লাগিব।
Department of Microbiology, 1st Floor Room No.-34, Near Blood Bank, Gauhati Medical College & Hospital, Guwahati-32 (Assam).
বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।
বিভাগীয় ৱেবছাইটৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক : মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড ঘৰৰ ভিতৰতে দম্পতীক হত্যা ডকাইতৰ !