গুৱাহাটী : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰোগীয়ে নাপায় জীৱনদায়িনী ঔষধ। কেন্দ্ৰীয় ফাৰ্মাচীৰ ফাৰ্মাচিষ্ট মিৰ্জা মকিবুৰ ৰহমানক নিলম্বন। মজুত থকাৰ পিছতো ৰোগীক দিয়া নাছিল জীৱনদায়িনী ঔষধ । পূৰ্বেও বহু অভিযোগত অভিযুক্ত মিৰ্জা মকিবুৰ ৰহমান।

ৰোগীক অৱহেলাৰ অভিযোগত নিলম্বিত হ’ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ফাৰ্মাচিষ্ট মিৰ্জা মকিবুৰ ৰহমান। ডিব্ৰুগড়ৰ এজন ৰোগীৰ বাবে ৰোগীৰ আত্মীয়ই দৰব বিচাৰি ৩ বাৰকৈ গৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চেন্ট্ৰল ফাৰ্মাচীলৈ।

লগতে পঢ়ক :  দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন

ৰোগীজনৰ আত্মীয়ক বাৰে বাৰে দৰৱ নাই বুলি ওভতাই পঠাইছিল ফাৰ্মাচীষ্ট মিৰ্জা মকিবুৰ ৰহমানে। ৰোগীজনৰ আত্মীয়ৰ অভিযোগ উত্থাপন কৰাৰ পিছত এই সন্দৰ্ভত গঠন কৰা হৈছে ৪ জনীয়া তদন্ত কমিটী। ২ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব কমিটীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply