গুৱাহাটী : ৰাজকন্যা বৰুৱা সন্দৰ্ভত জি এন আৰ চি হাস্পতালৰ প্ৰতিক্ৰিয়া। অৱশেষত ৰাজকন্যা বৰুৱাৰ চিকিৎসা সন্দৰ্ভত আনুষ্ঠানিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে হস্পাতালখনে।
জি এন আৰ চি হাস্পতালে জাৰি কৰা এক বিজ্ঞপ্তিত কোৱা হৈছে যে, ৰোগীক উপযুক্ত চিকিৎসাৰ বাবে জি এন আৰ চি হস্পাতাল সদায় দায়ৱদ্ধ। সমাজৰ সকলো শ্ৰেণী লোকলৈকে জি এন আৰ চিয়ে সেই সেৱা আগবঢ়াই আহিছে।
ৰাজকন্যা বৰুৱাই জৰুৰীকালীন বিভাগত ৩ অক্টোবৰ আবেলি ২.৩০ বজাত চিকিৎসাৰ বাবে পঞ্জীয়ন কৰিছিল। জি এন আৰ চিৰ দিছপুৰস্থিত হাস্পতালৈ অহাৰ সময়ত তেওঁ জনাইছিল যে, তেওঁ বহুধৰণৰ সমস্যা ভোগ কৰি আছে।
ৰাজকন্যা বৰুৱাই চিকিৎসকক জনোৱা অনুসৰি চিকিৎসকৰ এটা দলে তেওঁক পৰীক্ষা কৰিছিল। চিকিৎসাৰ প্ৰট’কল অনুসৰি আৰু মূৰৰ আঘাতৰ বাবে ৰাজকন্যা বৰুৱাক নিৰ’লজী বিভাগৰ অধীনত প্ৰাথমিকভাৱে চিকিৎসা কৰা হৈছিল। তেওঁৰ মানসিক অৱস্থালৈ চাই তেওঁক ৰেফাৰ কৰা হৈছিল নিৰ’চাইকলজী বিভাগলৈ।
লগতে পঢ়ক : মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰাটো চৰকাৰৰ অক্ষমণীয় অপৰাধ : জাতীয় পৰিষদ
জি এন আৰ চি হাস্পতালৰ এই বিজ্ঞপ্তিত কোৱা হয় যে, চিকিৎসা বিজ্ঞানৰ প্ৰট’কল অনুসৰি ৰাজকন্যা বৰুৱাক চিকিৎসা প্ৰদান কৰা হৈছিল। ইফালে তিনিদিনৰ জেৰাৰ অন্তত হাস্পতালখনৰ কৰ্তৃপক্ষ চিকিৎসক ডাঃ নভনীল বৰুৱাক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।