গোৱালপাৰাঃ গোৱালপাৰাত বনৰীয়া হাতীৰ গচকত এজনৰ মৃত্যু।
মৃত লোকজনৰ নাম দিলীপ দাস।
কৰ্মস্থলীৰ পৰা চাইকেলেৰে আহি থাকোতেই ৰাজপথতে বনৰীয়া হাতীৰ এটা দলে আক্ৰমণ কৰে দিলীপ দাসক।
আৰু পঢ়কঃগোৱালপাৰা লক্ষীপুৰত হাতীৰ গছকত প্ৰাণ গ’ল এজনৰ
হাতীৰ আক্ৰমণত থিতাতে নিহত হয় দিলীপ দাস।
দিলীপ দাস এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল।
এই ঘটনা সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এটা দলে জিলা উপায়ুক্তক জনাই যদিও প্ৰশাসনে বিষয়টোৰ ওপৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।
এই অঞ্চলটোত দীৰ্ঘ দিন ধৰি বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই আহিছে।
ইয়াৰ পূৰ্বেও বনৰীয়া হাতীৰ আক্ৰমণত কেইবাজনো লোকৰ মৃত্যু হৈছিল।