গোৱালপাৰাঃ গোৱালপাৰাৰ আগিয়া থানাৰ অন্তৰ্গত পাইকাণৰ আলোকবজাৰত আৰক্ষী-দুৰ্বৃত্তৰ ভয়াৱহ সংঘৰ্ষ। এই ঘটনাত নিহত হয় তিনিগৰাকীকৈ দুধৰ্ষ অপৰাধী। ইয়াৰে দুজনক গোৱালপাৰা চহৰৰ নিকটৱৰ্ত্তী ফৰেষ্টগে’টৰ সজল আৰু ছাহজাহান বুলি জানিব পৰা গৈছে।তিনিওগৰাকী হত্যা-অপহৰণৰ সৈতে জড়িত। এই ঘটনাত আন এজন লোক আহত হোৱা বুলি সন্দেহ কৰা হৈছে যদিও এই মূহুৰ্তলৈ স্পষ্ট হৈ উঠা নাই।
আব্দুৰ ৰহমান ওৰফে ৰিংকু নামৰ দুৰ্বৃত্তজন আৰক্ষীৰ এনকাউণ্টাৰত আহত হোৱাৰ পাছতে এই তিনিগৰাকী অপৰাধীৰ বিৰুদ্ধে গোপন অভিযানত নামি পৰিছিল গোৱালপাৰাৰ আৰক্ষী। এই তিনিগৰাকী লোক দুখন তামোল কঢ়িওৱা বলেৰো পিক আপ বাহনত আশ্ৰয় লৈ থাকোতে আৰক্ষীৰ লগত ভয়াৱহ সংঘৰ্ষৰ ঘটনা সংঘটিত হয়।