গোৱালপাৰাঃ গোৱালপাৰাৰ টুকুৰাত নিশা ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডত ভস্মীভূত হৈছে ছয়খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে সম্পূৰ্ণৰূপে জ্বলি ছাই হয় এটা ডাকঘৰ।
ডাকঘৰৰ বহু নথি-পত্ৰ জুইত জ্বলি ছাই হয়।
নিশা প্ৰায় ১২ মান বজাত সংঘটিত হয় এই ঘটনা।
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে।
ঘটনাস্থলীত তিনিখনকৈ অগ্নিনিৰ্বাপক অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।