গোৱালপাৰাঃ গোৱালপাৰাত অব্যাহত আছে চোৰাং গৰুৰ অবৈধ ব্যৱসায়। চোৰাং গৰুৰ বিৰুদ্ধে সৰৱ গোৱালপাৰা আৰক্ষী।
গোৱালপাৰাৰ শিমলীতোলা আৰক্ষীয়ে নিয়মীয়া তালাচীত জব্দ কৰে চোৰাং গৰু ভৰ্তি দুখনকৈ বাহন৷
সোমবাৰে পুৱতি নিশা শিমলীতোলা আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিক্ৰমজিত দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কমাৰপোতাত জব্দ কৰে চোৰাং গৰু ভৰ্তি বাহন দুখন।
লগতে পঢ়কঃশোণিতপুৰৰ বালিপৰাত যুৱক সন্ধানহীন
AS-25C-C8098 নম্বৰৰ বলেৰো আৰু নম্বৰ বিহীন আন এখন বাহনত ২৯ টাকৈ গৰু ধূপধৰালৈ লৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে ৷ আৰক্ষীয়ে চোৰাং গৰুৰ অবৈধ ব্যৱসায়ৰ লগত জড়িত দুজন ব্যৱসায়ীকো আটক কৰে।