গোৱালপাৰাঃ ক’ভিডত মৃত্যু হোৱা লোকৰ তথ্য লুকুওৱাৰ অভিযোগত গোৱালপাৰাত চৰকাৰৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। সৰ্বভাৰতীয় যুৱ কংগ্ৰেছে বিগত দুটা দিনত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। তাৰ লগত সংগতি ৰাখি অসম প্ৰদেশ যুৱ কংগ্ৰেছে সমগ্ৰ ৰাজ্যৰ সমগ্ৰ জিলাসমূহত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে। শেহতীয়াভাৱে বিশ্ব স্বাস্থ্য সংস্থাই এটা প্ৰতিবেদনত প্ৰকাশ কৰিছে যে পৃথিৱীৰ ভিতৰত ভাৰততে ক’ভিডৰ সময়ত সৰ্বাধিক লোকৰ মৃত্যু হৈছে। সমগ্ৰ ভাৰতবৰ্ষত ক’ভিডত মৃত্যু হৈছে প্ৰায় ৪৭ লাখ ২৯ হাজাৰ লোকৰ। ইয়াৰ বিপৰীতে ভাৰত চৰকাৰে কয় আহিছিল কোভিডৰ সময়ত ভাৰতত মাত্ৰ ৪ লাখ ৭০হাজাৰ লোকৰহে মৃত্যু হৈছিল।
ভাৰত চৰকাৰৰ এই মিথ্যাচাৰৰ প্ৰতিবাদত কংগ্ৰেছে এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। যেতিয়ালৈকে ভাৰত চৰকাৰে তেওঁলোকৰ এই মিথ্যাচাৰক মানি নলয়, তেওঁলোকে দায়িত্ব স্বীকাৰ নকৰে তেতিয়ালৈকে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত থাকিব। যুৱক-যুৱতীৰ সংস্থাপনৰ ক্ষেত্ৰটো বিভিন্ন প্ৰতিশ্ৰুতি দি সেই প্ৰতিশ্ৰুতি পালন কৰা নাই। বিজেপি চৰকাৰখনে বিভিন্ন ক্ষেত্ৰত মিথ্যাচাৰৰ আশ্ৰয় লৈ অহাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে।
ক’ভিডৰ সময়ত মুখ্যমন্ত্ৰী অথবা স্বাস্থ্যমন্ত্ৰীয়ে সংবাদমাধ্যমৰ আগত বিভিন্ন কথা কৈছিল আৰু প্ৰতিটো কথাতে বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্ধৃতি দি আহিছিল। কিন্তু তাৰ বিপৰীতে যেতিয়া বিশ্ব স্বাস্থ্য সংস্থাই তেওঁলোকৰ মিথ্যাচাৰটো উদঙাই দিলে এই সন্দৰ্ভত এই চৰকাৰখনক তীব্ৰভাৱে ধিক্কাৰ জনাইছে কংগ্ৰেছে। কেৱল মাত্ৰ চাৰি-পাচঁজন মুষ্টিমেয় পুজিপতিৰ স্বাৰ্থত এই চৰকাৰখনে কাম কৰি আছে ।
কোভিডৰ সময়ত সৰ্বসাধাৰণ জনজীৱনক লৈ যি হেতালি খেলিলে আৰু যেতিয়ালৈকে তেওঁলোকে ভাৰতবাসী ৰাইজৰ মাজত ক্ষমা নুখুজে তেতিয়ালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে।