নিউজ ডেস্কঃ ৰাজ্যত পুনৰ এনকাউন্টাৰৰ ঘটনা। গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত সোনাপুৰত সংঘটিত হয় এই ঘটনা। গোগামুখ আৰক্ষীয়ে গোপোন সূত্ৰৰ পমখেদি বুধবাৰে বিয়লি খেদি যায় এটা দুধৰ্ষ অপৰাধীক কৰায়ত্ত কৰিবলৈ৷ এখন সৰু গাড়ীৰে গৈ থকা অপৰাধীটোৱে দৌৰি পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে বাওঁ ভৰিত লক্ষ্য কৰি গুলীচালনা কৰে ৷

উল্লেখযোগ্য যে, গোগামুখৰ গাড়ী চুৰিকে ধৰি বহু অপৰাধৰ সংঘটিত কৰিছিল মইনুল আলী নামৰ দুধৰ্ষ অপৰাধীটোৱে। মইনুল আলীৰ ঘৰ বিহপুৰীয়াৰ ফাতেপুৰত বুলি জানিব পৰা গৈছে। ইতিমধ্যে গোগামুখ আৰক্ষীয়ে গোগামুখ চিকিৎসালয়ত অপৰাধীটোক ভৰ্তি কৰাই যদিও, উন্নত চিকিৎসাৰ বাবে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে, যোৱা ১৯ জানুৱাৰীত গোগামুখৰ এজন লোকৰ পৰা ৪লাখ ৫০ হাজাৰ টকা ডকাইটি কৰিছিল মইনুল আলীয়ে। সেই ঘটনাৰ আলম লৈ ধেমাজি আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি আজি মইনুলক কৰায়ত্ত কৰিবলৈ যোৱা সময়তে অপৰাধীটোৱে পলায়ন কৰিবলৈ চেষ্টা চলোৱাৰ বাবে গুলীচালনা কৰি পলায়ন কৰাত বাধা দিয়ে আৰক্ষীয়ে।

মন কৰিবলগীয়া যে, ২৪ ঘণ্টাত ৰাজ্যত সংঘটিত হ’ল ৩টাকৈ এনকাউণ্টাৰৰ ঘটনা৷ মঙলবাৰে নিশা ডিব্ৰুগড়-হাইলকান্দিত সংঘটিত হোৱাৰ পাছত আজি বিয়লি ধেমাজিৰ গোগামুখত সংঘটিত হ’ল তৃতীয়টো এনকাউন্টাৰ।

যোৱা ২৪ ঘন্টাত মৰাণৰ কাছমাৰীত নিশা গাড়ীচোৰলৈ লক্ষ্য কৰি অসম আৰক্ষীৰ গুলী। আৰক্ষীক আক্ৰমণ কৰিবলৈ লওঁতেই গুলীচালনা গাড়ীচোৰ অৰুণ কুৰ্মী ওৰফে ভোটকুলৈ। আৰক্ষীৰ গুলীয়ে গাড়ীচোৰটোৰ বাওঁভৰি ভেদ কৰে। মৰাণৰ পিছত হাইলাকান্দিতো আৰক্ষীৰ এনকাউন্টাৰ ।কুখ্যাত ড্ৰাগ মাফিয়া ছেলিম উদ্দিন লস্কৰ ওৰফে মনাই গুলীবিদ্ধ হয়। সোমবাৰে নিশা ড্ৰাগছ সহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মনাইক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply