নিউজ ডেস্কঃ এগৰাকী সুন্দৰী যুৱতী। যুৱতীগৰাকী কোনো মডেলতকৈ কোনো গুণে কম নহয়। তেওঁ এতিয়া ৰাজ্য়ৰ সংবাদমাধ্যমৰ শীৰ্ষত। পিছে ৰূপেৰে নহয় গুণেৰেহে চৰ্চিত হৈছে যুৱতীগৰাকী। যুৱতীগৰাকী হৈছে ধেমাজি গোগামুখৰ ডাঃ তৃষা পেগু। তৃষাৰ নামৰ আগত থকা চিকিৎসকৰ ডিগ্ৰীক লৈ চিন্তিত ৰাজ্য়বাসী ।
কাৰণ তৃষাই ভুৱা প্ৰমাণপত্ৰৰে বহুদিনৰে পৰা হৈ আছিল চিকিৎসক। ভুৱা প্ৰমাণপত্ৰৰে তৃষাই যোৰহাট আৰু শিৱসাগৰৰ নাৰ্চিংহোমত ৰোগীক চিকিৎসা প্ৰদান কৰিছিল।
তৃষা পেগুৰ হাতত আছে ২০১৭ বৰ্ষত দিল্লী এইমছৰ পৰা এম বি বি এছ পাছ কৰি অহাৰ ভুৱা প্ৰমাণপত্ৰ।
কিছুদিন পূৰ্বে যোৰহাটৰ এ জি নাৰ্ছিং হোমত যোগদানৰ বাবে আবেদন কৰিছিল চিকিৎসক তৃষাই। দুদিনমানৰ বাবে কামো কৰিছিল । কিন্তু হস্পিতাল কৰ্তৃপক্ষই নথি-পত্ৰ বিচৰাত কোনো নথিপত্ৰ দেখুৱাব নোৱাৰাৰ লগতে পলাতক অৱস্থাত থাকে তৃষা।
অকল ইমানেই নহয় নিজকে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত টপাৰ বুলি পৰিচয় দি এইমছত নাম ভৰ্তিৰ নামতো টকা লুটিছিল সুন্দৰী ভুৱা চিকিৎসক তৃষাই।
তিনিচুকীয়াৰ ৰুবী কুটুম নামৰ মহিলা গৰাকীৰ পৰাও তৃষাই লুটে প্ৰায় ২০লাখ টকা। ৰুবী কুটুমৰ জীয়ৰীক এইমছত নামভৰ্তিৰ কৰি দিয়াৰ প্ৰলোভন দি এইমছৰ নামত ভুৱা ই-মেল আই ডি খুলি মেইল কৰিছিল তৃষাই।
এইদৰে নিজকে চিকিৎসক বুলি পৰিচয় দি বিভিন্নজনৰ সন্তানক দিয়ে এইমছত নামভৰ্তিৰ টোপ। তেনেকৈয়ে বহুতৰ পৰা লাখে লাখে টকা সৰকালে এইগৰাকী ভুৱা চিকিৎসক তৃষা পেগুৱে। অৱশেষত পোহৰলৈ আহিল তৃষাৰ প্ৰৱঞ্চনা। ভুক্তভোগীসকলে তৃষাৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত তৰিলে গোচৰ। তাৰ পিছৰে পৰা সন্ধানহীন এইগৰাকী ভুৱা চিকিৎসক।
ৰাজ্য়ৰ ভিন্ন থানাতো তৃষাৰ বিৰুদ্ধে আছে গোচৰ। তৃষাক কৰায়ত্ত কৰাৰ পিছতহে পোহৰলৈ আহিব প্ৰৱঞ্চনাৰ একাধিক কলংকিত কাহিনী। আৰক্ষীয়ে এতিয়ালৈকে কোনো সন্ধান লাভ কৰা নাই ভুৱা চিকিৎসক তৃষাৰ। তৃষাক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে।