গোগামুখঃ উপ-নিৰ্বাচনৰ পাছত এইবাৰ দেউৰী স্বায়ত্ত পৰিষদীয় নিৰ্বাচনৰ বাবে টঙালী বান্ধিছে ৰাজ্য চৰকাৰে।

ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে দেউৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে। ইয়াৰ সমান্তৰালকৈ চলিছে সমষ্টি প্ৰসাৰৰ বাবে নিৰ্ধাৰণ।

দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নতুন সমষ্টিক লৈ অসন্তুষ্টি। বৰদলনী মাজগাঁৱত দেউৰী যুৱ পৰিষদৰ ৰাজীব দেউৰী আৰু ত্ৰিদিপ দেউৰীৰ সংবাদমেল। ৰাজ্যচৰকাৰৰ সমষ্টি বৃদ্ধিৰ সিদ্ধান্তক আদৰণি জনাই ৯নং বৰদলনী পৰিষদীয় সমষ্টিক দুটা ভাগ কৰি এটা সমষ্টিৰ নাম গোগামুখ কৰাৰ দাবী জনাইছে দেউৰী স্বায়ত্ত পৰিষদে।

লগতে পঢ়কঃচৰাই-চিৰিকটিয়ে শস্যৰ অনিষ্ট সাধন কৰিব নোৱাৰা বিশেষ যন্ত্ৰ আৱিস্কাৰ
সমষ্টি পুনৰ গঠনত সীমা নিদ্ধাৰণৰ ক্ষেত্ৰত ৰাইজৰ দাবী মানিবলৈ আহ্বান জনাইছে দেউৰী স্বায়ত্ত পৰিষদ ।
   
একাংশ নেতাই নিজৰ লাভালাভৰ বাবে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। সমস্যা সমূহৰ সমাধানৰ বাবে চৰকাৰক আহ্বান দেউৰী জনগোষ্ঠীৰ লোকসকলৰ।


এতিয়া সমষ্টি নিৰ্ধাৰণত চলিছে ক্ৰিয়া-প্ৰতিক্ৰিয়া। তাৰ মাজতেই একাংশ নেতাই নিজৰ লাভালাভৰ বাবে চলাইছে ষড়যন্ত্ৰ।

সোমবাৰে গোগামুখৰ বৰদলনিত দেউৰী স্বায়ত্ত পৰিষদে এখন সংবাদমেল সম্বোধন কৰে।

উক্ত সমস্যা সমূহৰ ওপৰত চকু দিবৰ বাবে চৰকাৰক আহ্বান জনাইছে দেউৰী জনগোষ্ঠীৰ লোক সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply