ধেমাজিঃ ধেমাজি জিলাৰ গেৰুকামুখ আৰক্ষী থানাৰ অন্তৰ্গত মহৰখুটিত ধৰ্ষণকাণ্ড। ফুৰিবলৈ নিয়াৰ চলেৰে এন এইচ পি চিৰ কৰ্মচাৰীয়ে ধৰ্ষণ কৰিলে গোগামুখ কমলপুৰৰ দুই কিশোৰীক।
জানিব পৰা মতে, গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত কমলপুৰৰ চুমকি গগৈ (১৪) আৰু দিপিকা চমুৱা (১৩) নামৰ দুই কিশোৰীক গোগামুখ বালিগাঁৱৰ লাকী নাথে দেওবাৰে বিয়লি ফুৰিবলৈ বুলি এন এইচ পি চিলৈ লগ ধৰে, লাকী নাথৰ অনুৰোধ ৰক্ষা কৰি দুই কিশোৰীয়ে ফুৰিবলৈ যাবলৈ মান্তি হয় আৰু লাকী নাথে গোগামুখৰ পৰা বিমান গগৈক এখন গাড়ীৰে বিয়লি ৩ বজাত কমলপুৰৰ পৰা দুই কিশোৰীক এন এইচ পি চি লৈ আহিবলৈ পঠাই দিয়ে। বিমান গগৈক গাড়ীত অকলে দেখি দুই কিশোৰীয়ে লাকীৰ বিষয়ে সোধাত বিমান গগৈয়ে মিছাকৈ কয়,লাকী বাইকত গৈ আছে। দুই কিশোৰীক গাড়ীৰে এন এইচ পি চিলৈ লৈ যায় যদিও এন এইচ পি চি গাড়ী নগৈ মহৰখুটি ঘন জংঘললৈ গাড়ীৰে লৈ যোৱাত দুই কিশোৰীয়ে জাপ দিব খোজে যদিও বিফল হয়। ঘন জংঘলত লাকী নাথৰ অনুপস্থিতিত গাড়ী চালক বিমান গগৈৰ নেতৃত্বত এন এইচ পি চিত কৰ্মৰত ঠিকাদাৰ আৰু কৰ্মচাৰীৰ সহিতে পাঁচোটাকৈ পাষণ্ডই কিশোৰীদুগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰে।
নিশা পলমকৈ ঘৰ সোমাই কিশোৰী দুজনীয়ে সকলো কথা নিজৰ ককাকৰ আগত অৱগত কৰাৰ পিছত মঙলবাৰে গেৰুকামুখ আৰক্ষী থানাত ককাক জগত গগৈয়ে লাকী নাথ আৰু বিমান গগৈৰ ওপৰত এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত কেছ নম্বৰ 14/8/2022 U/S376(3)/376(D)আই পি চি ধাৰাত গোচৰ ৰুজু কৰি গেৰুকামুখ আৰক্ষী থানাই চিকিৎসালয়ত পৰীক্ষা কৰোৱাত দুই কিশোৰীক ধৰ্ষণ কৰাৰ তথ্য পোহৰলৈ আহে আৰু অভিযুক্ত লাকী নাথক আটক কৰাৰ বিপৰীতে ঘটনাৰ লগত জড়িত ধৰ্ষণকাৰী এন এইচ পি চিৰ চোমা কোম্পানীৰ মেকানিকেল মহেন্দ্ৰ কুমাৰক আটক কৰে।
বৰ্তমানেও এই সমগ্ৰ ধৰ্ষণ কাণ্ড সন্দৰ্ভত গেৰুকামুখ আৰক্ষী থানাই ক্ষীপ্ৰতাৰে অভিযান চলাই আছে। ইপিনে নিৰ্যাতিত দুই কিশোৰীক ন্যায় প্ৰদান কৰিবলৈ পৰিয়ালৰ লোকে দাবী জনোৱাৰ লগতে ঘটনাত জড়িত সকলোকে উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। এই কিশোৰী দুগৰাকীৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত প্ৰশাসনে যাতে কোনো কাৰণতে ন্যায় ব্যৱস্থা লেহেমীয়া নকৰে তাৰ বাবে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰশাসনক আহ্বান জনোৱাৰ লগতে দুই কিশোৰী ছাত্ৰীক ন্যায় প্ৰদান কৰিবলৈ দাবী জনায়।